অসম

assam

ETV Bharat / bharat

অপৰিশোধিত ঋণৰ বাবে আটাইতকৈ উত্তম ব্যৱস্থা - চুব্বা ৰাৱে ‘নন পাৰ্ফমিং এছেটছ’

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দুটা ৰাজহুৱা খণ্ডৰ বেংকক অনতি পলমে ব্যক্তিগতকৰণ কৰা হ’ব বুলি তেওঁৰ বাজেট ভাষণত ঘোষণা কৰে ৷ চলিত বৰ্ষতে বেংকসমূহক ব্যক্তিগত কৰণৰ বাবে সক্ষম কৰি তুলিবলৈ যিকোনো মূল্যৰ বিনিময়ত দুখন আইন সংশোধন কৰা হ’ব বুলি নিশ্চিত ইংগিত পোৱা গৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে যুক্তি দিছে যে ‘নন পাৰ্ফমিং এছেটছ’ সংগ্ৰহৰ পটভূমিত এন পি এ গ্ৰাসিত বেংক সমূহত মূলধন বিনিয়োগৰ পৰিৱৰ্তে জনগণৰ বাবে উন্নয়নমূলক আন্তঃগাঠনিত ব্যয় কৰাটোহে বহুগুণে শ্ৰেয় ৷

অপৰিশোধিত ঋণৰ বাবে আটাইতকৈ উত্তম ব্যৱস্থা
অপৰিশোধিত ঋণৰ বাবে আটাইতকৈ উত্তম ব্যৱস্থা

By

Published : Feb 25, 2021, 12:57 PM IST

Updated : Feb 25, 2021, 3:24 PM IST

কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে তেওঁৰ বাজেট ভাষণত ঘোষণা কৰে যে দুটা ৰাজহুৱা খণ্ডৰ বেংকক অনতি পলমে ব্যক্তিগতকৰণ কৰা হ’ব ৷ তেওঁৰ বক্তব্যই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল যে, বেংকিং খণ্ডক ৰাষ্ট্ৰীয়কৰণ কৰাৰ পাঁচ দশকৰ পাচত দেশখনে বেংকিং ব্যৱস্থাত এটা নতুন মোৰ লোৱা বুলি বাতৰি প্ৰচাৰ হৈছিল ৷ কেন্দ্ৰীয় বিত্তীয়মন্ত্ৰী গৰাকীয়ে বেংকসমূহৰ ব্যক্তিগত কৰণৰ প্ৰস্তাৱিত তালিকাখনৰ সম্পৰ্কে যি প্ৰতিবেদন উলিয়াইছে সেয়া মিছা বুলি গৰিহণা দিছে ৷ আনহাতে চলিত বৰ্ষতে বেংকসমূহক ব্যক্তিগত কৰণৰ বাবে সক্ষম কৰি তুলিবলৈ যিকোনো মূল্যৰ বিনিময়ত দুখন আইন সংশোধন কৰা হ’ব বুলি নিশ্চিত ইংগিত পোৱা গৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুক্তি দিছে যে ‘নন পাৰ্ফমিং এছেটছ’ সংগ্ৰহৰ পটভূমিত এন পি এ গ্ৰাসিত বেংক সমূহত মূলধন বিনিয়োগৰ পৰিৱৰ্তে জনগণৰ বাবে উন্নয়নমূলক আন্তঃগাঠনিত ব্যয় কৰাটোহে বহুগুণে শ্ৰেয় ৷ এই যুক্তিয়ে চৰকাৰৰ দৃষ্টিভংগীক সুস্পষ্টকৈ প্ৰতিফলিত কৰিছে ৷ যি নহওক য়েছ বেংক, লক্ষ্মী ৱিলাল বেংক আৰু আন আন বেংকবোৰে যি ধৰণৰ এক পতনেৰে মুখামুখি হ’ব লগা হ’ল, ই এই কথাকে স্পষ্ট কৰিলে যে ব্যক্তিগত বেংক সমূহ এন পি এ বোৰক প্ৰতিৰোধ কৰিব পৰাকৈ সক্ষম নহয় ৷

চৰকাৰী পৰিসংখ্যাই উন্মোচন কৰিছে যে আই ডি বি আই বেংককে ধৰি ১৯ টা ব্যক্তিগত বেংকৰ এন পি এ সংগ্ৰহৰ পৰিমাণ হ’ল প্ৰায় ২ লাখ কোটি টকা ৷ এন পি এৰ প্ৰতি ব্যক্তিগত বেংক সমূহৰ সংবেদনশীলতাক ইংগিত দি অখিল ভাৰতীয় বেংক কৰ্মচাৰী সন্থাই (অল ইণ্ডিয়া বেংক এমপ্ল’য়ী এছ’ছিয়েশ্বন) চৰকাৰক বেংক সমূহ ব্যক্তিগত কৰণক বিচাৰ কৰাৰ পৰিৱৰ্তে প্ৰধান ঋণ গ্ৰহণকাৰী সকলৰ পৰা অপৰিশোধিত ঋণ পুনৰুদ্ধাৰ কৰিবলৈ আৱেদন কৰিছে ৷ কিছুদিন পূৰ্ৱে কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰালয়ে সংসদৰ মজিয়াত স্বয়ং ঘোষণা কৰিছিল যে তেওঁলোকে ৪ বছৰৰ ব্যৱধানত ২.৩৩ লাখ কোটি টকাৰ অপৰিশোধিত ঋণ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ৷ এই কথাই এইটোৰেই ইংগিত বহন কৰে যে যদিহে চৰকাৰৰ সমৰ্থন থাকে তেনেহ’লে অপৰিশোধিত ঋণ উদ্ধাৰ কৰিব পৰা যায় ৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন চেয়াৰমেন দুৱৱুৰি চুব্বা ৰাৱে ‘নন পাৰ্ফমিং এছেটছ’ সমূহক কাৰ্যকাৰীতাৰে নিয়ন্ত্ৰণ কৰিবলৈ মালায়চিয়াৰ ‘ধন হৰ্ত অৱ মালায়চিয়া’ৰ আৰ্হিত এটা ‘বেড বেংক অৱ ইণ্ডিয়া’ খুলিবৰ বাবে পৰামৰ্শ দিছে৷ ‘নন পাৰ্ফমিং এছেটছ’বোৰৰ সৈতে সঠিকভাৱে মোকাবিলা কৰিবৰ বাবে সেইবোৰক কোনো প্ৰতিষ্ঠানৰ হাতত গতাই দিয়াটোও অতি গুৰুত্বপূৰ্ণ বিষয় ৷ একেদৰেই, যি পৰিস্থিয়ে ‘নন পাৰ্ফমিং এছেটছ’ৰ উৎপন্ন হোৱাৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে তেনে পৰিস্থিতিক শুধৰোৱাটোও সমানেই গুৰুত্বপূৰ্ণ ৷ ‘ডিফল্টছ’ নিয়ন্ত্ৰণ কৰাৰ উপায় সমূহৰ অংশ হিচাপে, আৰ বি আইয়ে ‘ডিফল্টাৰ’ সকলৰ স্থিৰচিত্ৰ প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছে৷ বেংকিং নিয়ামক আদেশ সমূহ সম্ভৱতঃ কেতিয়াবাহে কাৰ্যকৰী কৰণ কৰা হয় ৷

বিত্তীয় অপৰাধী সকলৰ ঋণ পৰিশোধ কৰিব পৰা ক্ষমতা নথকা তথা পৰিশোধ কৰিবলৈ ইচ্ছুক নথকা মানসিকতাৰ বিষয়ে ভালকৈ অৱগত হোৱাৰ পাচতো আভ্যন্তৰীণ বিশ্বাস ঘাটক সকলে তেওঁলোকক ঋণ মঞ্জুৰি দিয়াৰ দৰে কাৰক সমূহ হ’ল আমাৰ দেশত বেংক ব্যৱস্থাৰ সংকটৰ প্ৰধান কাৰণ ৷ আৰ বি আইয়ে কৈছে যে বেংক কৰ্মচাৰীসকলৰ শিথিলতাৰ বাবেই প্ৰতি চাৰি ঘন্টাত একোটা বেংক প্ৰৱঞ্চনা সংঘঠিত হয় ৷ যি নহওক, এই পৰিস্থিতি শুধৰাবলৈ ৰিজাৰ্ভ বেংকে তেনেই সামান্য পদক্ষেপহে লৈছে ৷ তেওঁলোকে এই দায়িত্বৰ পৰা হাত সাৰিব বিচাৰিছে ৷ কৰ্ণাটক উচ্চ ন্যায়ালয়ে অলপতে কৈছে যে বিধান সভা আৰু ৰিজাৰ্ভ বেংকে যুটীয়াভাৱে ঋণ দিয়াৰ নিৰ্দেশনাবোৰ পৰীক্ষা কৰা উচিত আৰু প্ৰয়োজনীয় সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এইটোৱেই তাৎক্ষণিকভাৱে হোৱা উচিত ৷

প্ৰায় ডেৰ বছৰৰ পূৰ্ৱে, কেন্দ্ৰই ৰাজহুৱা খণ্ডৰ বেংক সমূহক সংযোজনৰ জৰিয়তে কাৰ্যক্ষম কৰিছিল, যাৰ ফলত বেংকৰ সংখ্যা ২৭ অৰ পৰা ১২ হৈছিল ৷ এই বেংক সমূহ হৈছে জনগণে লাখ কোটিৰ ঘৰত জমা থোৱা ধনৰ সুৰক্ষিত স্থান ৷ সেয়ে কেন্দ্ৰই ইয়াৰ বিষয়ে সিদ্ধান্ত লওতে সাৱধানতা অৱলম্বন কৰা উচিত ৷ দেশৰ অৰ্থনীতিৰ বিষয়ত বেংক ব্যৱস্থা হৈছে এক অতি গুৰুত্বপূৰ্ণ খণ্ড ৷ সেয়ে এই খণ্ডৰ উন্নতি আৰু বিকাশৰ বাবে লোৱা পদক্ষেপবোৰ দীৰ্ঘকালিন জনস্বাৰ্থৰ কথা ধ্যানত ৰাখি অতি কুশলতাৰে পৰিকল্পনাবদ্ধ কৰা উচিত ৷

লগতে পঢ়ক:বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে: সুস্মিতা দেৱ

Last Updated : Feb 25, 2021, 3:24 PM IST

ABOUT THE AUTHOR

...view details