অসম

assam

ETV Bharat / bharat

মহিলাৰ ওপৰত এচিড আক্ৰমণৰ শীৰ্ষত বেংগালুৰু: NCRB - 2022 NCRB REPORT

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ ভয়ংকৰ তথ্য ৷ দেশৰ ভিতৰত 2022 চনত মহিলাৰ বিৰুদ্ধে সৰ্বাধিক সংখ্যক এচিড আক্ৰমণ হোৱা চহৰৰ শীৰ্ষত বেংগালুৰু ৷

Etv BharatBENGALURU TO TOP IN ACID ATTACKS AGAINST WOMEN IN 2022 NCRB REPORT
মহিলাৰ ওপৰত এচিড আক্ৰমণৰ শীৰ্ষত বেংগালুৰু: NCRB

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 8:26 PM IST

নেশ্যনেল ডেস্ক, 10 ডিচেম্বৰ : দেশজুৰি বৃদ্ধি হৈছে নাৰীজনিত অপৰাধ ৷ এইবাৰ পোহৰলৈ আহিছে ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ ভয়ংকৰ তথ্য ৷ NCRB য়ে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি, দেশৰ ভিতৰত 2022 চনত মহিলাৰ বিৰুদ্ধে সৰ্বাধিক সংখ্যক এচিড আক্ৰমণ হোৱা চহৰৰ শীৰ্ষত আছে বেংগালুৰু ৷ বেংগালুৰু মহানগৰ আৰক্ষীয়ে এচিড আক্ৰমণৰ আঠটা গোচৰ পঞ্জীয়ন কৰিছিল ।

NCRB ৰ তথ্য অনুসৰি, 19 খন চহৰৰ ভিতৰত, বেংগালুৰু সামগ্ৰিক তালিকাৰ শীৰ্ষত আছে ৷ বিগত বছৰত চহৰখনত আঠগৰাকী মহিলা এচিড আক্ৰমণৰ বলি হৈছিল । এই তালিকাৰ দ্বিতীয় স্থানত আছে দিল্লী ৷ 2022 চনত চহৰখনত সাতগৰাকী মহিলা এচিড আক্ৰমণৰ বলি হৈছিল ৷ তাৰ পিচত পাঁচটা গোচৰ পঞ্জীয়নৰ সৈতে তৃতীয় স্থানত আছে আহমেদাবাদ ৷

ইফালে দিল্লীত এচিড আক্ৰমণৰ চেষ্টা চলোৱা 7 টা ঘটনাৰ প্ৰতিবেদন ৰুজু কৰা হৈছে ৷ তাৰ পিচতে বেংগালুৰুত বিগত বছৰত এচিড আক্ৰমণৰ চেষ্টা চলোৱা 3 টা গোচৰ ৰুজু কৰা হৈছিল ৷

আনহাতে, হায়দৰাবাদ আৰু আহমেদাবাদত 2022 চনত এচিড আক্ৰমণৰ চেষ্টাৰ দুটা গোচৰ ৰুজু কৰা হৈছিল ।

লক্ষণীয় যে, যোৱা বৰ্ষত বেংগালুৰু জোকাৰি গৈছিল এটা এচিড আক্ৰমণৰ ঘটনাই ৷ 28 এপ্ৰিলত এগৰাকী 24 বছৰীয়া M.Com স্নাতক যুৱতীয়ে কৰ্মস্থানলৈ যাওঁতে এচিড আক্ৰমণৰ বলি হৈছিল । আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তকেইটাই কেইবা বছৰ ধৰি যুৱতীগৰাকীক অনুসৰণ কৰি আহিছিল। ইয়াৰে এটা অভিযুক্তই যুৱতীগৰাকীক বিবাহৰ বাবে প্ৰস্তাৱ দিছিল ৷ কিন্তু যুৱতীগৰাকীয়ে বিয়াৰ প্ৰস্তাৱ নাকচ কৰাত অভিযুক্তকেইটাই যুতীগৰাকীৰ ওপৰত এচিড ঢালে ৷ এই ঘটনাই সমগ্ৰ চহৰখনত আতংকৰ সৃষ্টি কৰিছিল ৷

লগতে পঢ়ক:স্তন কেন্সাৰৰ কাৰণ কি ? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ?

ABOUT THE AUTHOR

...view details