অসম

assam

ETV Bharat / bharat

Aero India 2023 : প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে এৰ' ইণ্ডিয়া ২০২৩

কৰ্ণাটকৰ বেংগালুৰুৰ য়েলাহাঙ্কাৰ বায়ু সেনা কেন্দ্ৰত অনুষ্ঠিত হৈছে এৰ' ইণ্ডিয়া ২০২৩ (Aero India 2023)। ৫ দিনীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠানত ৮০০ তকৈও অধিক প্ৰদৰ্শকৰ অংশগ্ৰহণ । প্ৰায় ১০০ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশ লৈছে এই অনুষ্ঠানত ।

By

Published : Feb 13, 2023, 9:13 PM IST

Aero India 2023
প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে এৰ' ইণ্ডিয়া ২০২৩

নেশ্যনেল ডেস্ক, ১৩ ফেব্ৰুৱাৰী :‘‘বেংগালুৰুৰ আকাশে নতুন ভাৰতৰ সামৰ্থ্যৰ সাক্ষ্য প্ৰদান কৰিছে । এই নতুন উচ্চতা হৈছে নতুন ভাৰতৰ বাস্তৱতা, আজি ভাৰতে নতুন উচ্চতা স্পৰ্শ কৰিছে আৰু সেইবোৰো অতিক্ৰম কৰিছে ।’’ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । বেংগালুৰুৰ য়েলাহাংকাৰ বায়ু সেনা কেন্দ্ৰত এছিয়াৰ আটাইতকৈ ডাঙৰ এৰ' শ্ব' এৰ' ইণ্ডিয়া ২০২৩ৰ চতুৰ্দশ সংস্কৰণ উদ্বোধন কৰি এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Biggest aero show Aero India 2023)। অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে এটা স্মাৰক ডাক টিকটো মুকলি কৰে ।

বেংগালুৰুৰ য়েলাহাঙ্কাৰ বায়ু সেনা কেন্দ্ৰত এৰ' ইণ্ডিয়া ২০২৩

৫ দিনীয়া এই অনুষ্ঠানটোৰ জৰিয়তে বিভিন্ন সুযোগৰ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি এৰ'স্পেচ আৰু প্ৰতিৰক্ষা ক্ষমতাৰ ক্ষেত্ৰত ভাৰতৰ উন্নয়ন প্ৰদৰ্শন কৰিব (Aero India 2023 in Bengaluru)। ই এক সুৰক্ষিত আৰু সমৃদ্ধ ভৱিষ্যতৰ বাবে 'মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড' দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি থলুৱা প্ৰযুক্তি প্ৰদৰ্শন কৰিব আৰু বিদেশী কোম্পানীবোৰৰ সৈতে অংশীদাৰিত্ব গঢ়ি তুলিব বুলি আশা কৰা হৈছে ।

সমবেত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, এৰ' ইণ্ডিয়া ২০২৩ হৈছে ভাৰতৰ বৰ্ধিত সামৰ্থৰ এক উজ্জ্বল উদাহৰণ আৰু এই অনুষ্ঠানত প্ৰায় ১০০ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বই ভাৰতত দেখুওৱা বিশ্বাস প্ৰতিফলিত কৰিছে । তেওঁ বিশ্বৰ প্ৰসিদ্ধ কোম্পানীসমূহৰ লগতে ভাৰতীয় এমএছএমই আৰু ষ্টাৰ্ট আপকে ধৰি ৮০০ তকৈও অধিক প্ৰদৰ্শকৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰে । এৰ' ইণ্ডিয়া ২০২৩ৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, প্ৰতিদিনে আত্মনিৰ্ভৰ ভাৰতৰ শক্তি বাঢ়ি গৈ আছে ।

অনুষ্ঠানটোৰ লগত সংগতি ৰাখি প্ৰতিৰক্ষা মন্ত্ৰীৰ সন্মিলন আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ৰাউণ্ড টেবুলৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে, এই খণ্ডত সক্ৰিয় অংশগ্ৰহণে এৰ' ইণ্ডিয়াৰ সম্ভাৱনা বৃদ্ধি কৰিব (PM Modi on Aero show) ৷ প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকত অনুষ্ঠিত এৰ' ইণ্ডিয়াৰ গুৰুত্বৰ আৰোপ কৰি কয় যে, ই বিমান খণ্ডত কৰ্ণাটকৰ যুৱকসকলৰ বাবে নতুন পথ মুকলি কৰিব । প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ যুৱপ্ৰজন্মক দেশক শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰযুক্তিগত দক্ষতা প্ৰয়োগ কৰিবলৈ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰীগৰাকীৰ মতে যেতিয়া দেশখন নতুন চিন্তাধাৰা, নতুন দৃষ্টিভংগীৰে আগবাঢ়ি যায়, তেতিয়া ইয়াৰ প্ৰণালীবোৰো নতুন চিন্তাধাৰা অনুসৰি সলনি হ'বলৈ আৰম্ভ কৰে । এৰ' ইণ্ডিয়া ২০২৩-ই নতুন ভাৰতৰ পৰিৱৰ্তনশীল দৃষ্টিভংগী প্ৰতিফলিত কৰে বুলি তেওঁ উল্লেখ কৰে । প্ৰধানমন্ত্ৰীয়ে কয় যে, এসময়ত এৰ' ইণ্ডিয়া ভাৰতক ব্যৱসায়ৰ এটা অনুষ্ঠান আৰু মাধ্যম হিচাপে ধৰা হৈছিল কিন্তু এতিয়া সেই ধাৰণা সলনি হৈছে । আজি এৰ' ইণ্ডিয়া ভাৰতৰ শক্তি আৰু কেৱল এক প্ৰদৰ্শনী নহয় । আনহাতে ই কেৱল প্ৰতিৰক্ষা উদ্যোগৰ পৰিসৰ প্ৰদৰ্শন নকৰে, ভাৰতৰ আত্মবিশ্বাসো প্ৰদৰ্শন কৰে (PM Modi praises Aero India show)।

বেংগালুৰুৰ য়েলাহাঙ্কাৰ বায়ু সেনা কেন্দ্ৰত এৰ' ইণ্ডিয়া ২০২৩

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, ভাৰতৰ সফলতাই ইয়াৰ সামৰ্থ্যৰ সাক্ষী হৈ আছে । তেজচ, আইএনএছ বিক্ৰান্ত, চুৰাট আৰু টুমকুৰত উন্নত উৎপাদন সুবিধা, আত্মনিৰ্ভৰ ভাৰতৰ সম্ভাৱনাৰ সৈতে বিশ্বৰ নতুন বিকল্প আৰু সুযোগৰ সম্পৰ্ক আছে (Atmanirbhar bharat)। প্ৰধানমন্ত্ৰীৰ মতে একবিংশ শতিকাৰ নতুন ভাৰতে কোনো সুযোগ হেৰুৱাব নোৱাৰে বা ইয়াৰ কোনো প্ৰচেষ্টাৰ অভাৱ নহ'ব । কিয়নো তেওঁ সংস্কাৰৰ সহায়ত প্ৰতিটো খণ্ডত অনা বিপ্লৱৰ কথা উল্লেখ কৰে । তেওঁ উল্লেখ কৰে যে দশকজুৰি সৰ্ববৃহৎ প্ৰতিৰক্ষা ৰপ্তানিকৰ্তা হৈ থকা ৰাষ্ট্ৰখনে এতিয়া বিশ্বৰ ৭৫ খন দেশলৈ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে ।

প্ৰধানমন্ত্ৰীয়ে যোৱা ৮-৯ বছৰত প্ৰতিৰক্ষা খণ্ডৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰি কয় যে, ২০২৪-২৫ বৰ্ষলৈ প্ৰতিৰক্ষা ৰপ্তানি ১.৫ বিলিয়নৰ পৰা ৫ বিলিয়নলৈ লৈ যোৱাৰ লক্ষ্য আছে (Defence Exports form India)। ইয়াৰ পৰা ভাৰতে সৰ্ববৃহৎ প্ৰতিৰক্ষা নিৰ্মাণকাৰী দেশ আৰু ব্যক্তিগত খণ্ডৰ ভিতৰত অন্তৰ্ভুক্ত হ'বলৈ দ্ৰুত গতিত আগবাঢ়িব আৰু বিনিয়োগকাৰীসকলে ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয় । প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগত খণ্ডক প্ৰতিৰক্ষা খণ্ডত বিনিয়োগ কৰিবলৈ আহ্বান জনায় যিয়ে তেওঁলোকৰ বাবে ভাৰত আৰু আন বহুতো দেশত নতুন সুযোগ সৃষ্টি কৰিব ।

তেওঁৰ মতে, আজিৰ ভাৰতে দ্ৰুত চিন্তা কৰে, দূৰলৈ চিন্তা কৰে আৰু দ্ৰুত সিদ্ধান্ত লয় । ভাৰতে অমৃত কালত এজন যুঁজাৰু জেট পাইলটৰ সৈতে নতুন উচ্চতালৈ উৰিবলৈ উৎসাহিত । ভাৰত সদায় উচ্চতাত থাকে যিমানেই ওখ নহওক কিয় ইয়াৰ গতিৰ ওপৰত থাকে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে ।

তেওঁ কয় যে, সমগ্ৰ বিশ্বই ভাৰতত ব্যৱসায় কৰাৰ সহজতাৰ বাবে কৰা সংস্কাৰৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু বিশ্বব্যাপী বিনিয়োগৰ লগতে ভাৰতীয় উদ্ভাৱনৰ পক্ষপাতি পৰিৱেশ গঢ়ি তোলাৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । তেওঁ প্ৰতিৰক্ষা আৰু অন্যান্য ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগত কৰা সংস্কাৰ আৰু উদ্যোগসমূহক অনুজ্ঞাপত্ৰ জাৰী কৰাৰ প্ৰক্ৰিয়াৰ সৰলীকৰণৰ লগতে তেওঁলোকৰ বৈধতা বৃদ্ধিৰ কথাও উল্লেখ কৰে ।

বেংগালুৰুৰ য়েলাহাঙ্কাৰ বায়ু সেনা কেন্দ্ৰত এৰ' ইণ্ডিয়া ২০২৩

প্ৰধানমন্ত্ৰীয়ে কয় যে, এই বছৰৰ বাজেটত উৎপাদন গোটসমূহৰ বাবে কৰ লাভালাভ বৃদ্ধি কৰা হৈছে । য'ত চাহিদা, দক্ষতা আৰু অভিজ্ঞতা আছে উদ্যোগৰ বিকাশ স্বাভাৱিক । তেওঁ সমবেত লোকসকলক আশ্বাস দি কয় যে, এই খণ্ডটো শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত থাকিব ।

আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এৰ' ইণ্ডিয়াৰ চতুৰ্দশ সংস্কৰণত অংশগ্ৰহণ কৰা মন্ত্ৰী, সেৱা প্ৰধান, মুখ্য কাৰ্যবাহী বিষয়া, বিষয়া আৰু প্ৰতিনিধিসকলক আদৰণি জনায় (Rajnath Singh at Aero India 2023)। এৰ' ইণ্ডিয়াত বৃহৎ অংশগ্ৰহণক তেওঁ ভাৰতৰ উদীয়মান ব্যৱসায়িক সম্ভাৱনাৰ ক্ষেত্ৰত ঘৰুৱা আৰু গোলকীয় ব্যৱসায়িক সম্প্ৰদায়ৰ এক নতুন আত্মবিশ্বাসৰ প্ৰমাণ হিচাপে অভিহিত কৰে । তেওঁ অংশগ্ৰহণকাৰীসকলক প্ৰতিৰক্ষা উৎপাদনৰ দিশত ভাৰতৰ যাত্ৰাৰ অংশ হ'বলৈ আহ্বান জনায় ।

তেওঁ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইক অনুষ্ঠানটো আয়োজন কৰাৰ বাবে যথেষ্ট প্ৰশংসা কৰে । তেওঁ কৰ্ণাটকক ঔদ্যোগিকৰণৰ ক্ষেত্ৰত অগ্ৰণী আৰু ভাৰতৰ অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱা অন্যতম বিশিষ্ট ৰাজ্য হিচাপে অভিহিত কৰে । অনুষ্ঠানটোত কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলট, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৰাজ বোম্মাই, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ভট্ট উপস্থিত থাকে ।

লগতে পঢ়ক :Mini manifesto for 2024: পূৰ্ণাংগ অধিৱেশনৰ বাবে সাজু কংগ্ৰেছ; 2024 ৰ বাবে ক্ষুদ্ৰ ইস্তাহাৰ প্ৰস্তুত

ABOUT THE AUTHOR

...view details