নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ :বিনিয়োগ আঁচনিৰ অজুহাতত সমগ্ৰ ভাৰতত হাজাৰ হাজাৰ লোকক প্ৰতাৰণা । বেংগালুৰু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ৮৫৪ কোটি টকাৰ চাইবাৰ জালিয়াতি কেলেংকাৰীৰ তথ্য । বেংগালুৰু আৰক্ষীয়ে উক্ত কেলেংকাৰীৰ অভিযোগত ৬ জন লোকক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে জনোৱা মতে কেলেংকাৰীৰ মুঠ ধনৰ ভিতৰত ৫ কোটি টকা জব্দ কৰা হৈছে ।
আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত প্ৰৱঞ্চকৰ দলটোৱে হোৱাটছএপ আৰু টেলিগ্ৰামৰ জৰিয়তে ভুক্তভোগীসকলক প্ৰলোভিত কৰিছিল । প্ৰথমে ভুক্তভোগীসকলক প্ৰতিদিনে ১,০০০ ৰ পৰা ৫,০০০ টকা উপাৰ্জন কৰিব বুলি প্ৰলোভন দিছিল । যাৰ বাবে ভুক্তভোগীসকলক ১,০০০ টকাৰ পৰা ১০,০০০ টকালৈকে বিনিয়োগ কৰিবলৈ কোৱা হৈছিল । হাজাৰ হাজাৰ ভুক্তভোগীয়ে ১ লাখৰ পৰা ১০ লাখ টকাৰো অধিক ধন বিনিয়োগ কৰিছিল ।
ভুক্তভোগীসকলে বিনিয়োগ কৰা ধন অনলাইনযোগে পৰিশোধ কৰিছিল আৰু বিভিন্ন বেংক একাউণ্টত জমা দিছিল । অৱশ্যে, বিনিয়োগ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত যেতিয়া ভুক্তভোগীয়ে ধনখিনি উলিয়াবলৈ চেষ্টা কৰিছিল তেতিয়া সেই ধন পোৱা নাছিল ।