নেশ্যনেল ডেস্ক,২০ মাৰ্চ :কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুৰ কে জি হাল্লি আৰক্ষীয়ে দেওবাৰে বৰ্তমান নিষিদ্ধ হৈ থকা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) ১৫ গৰাকী কৰ্মীৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰে (Charge sheet against PFI)। পিএফআইৰ সভাপতি নাছিৰ পাশাকে ধৰি ১৯ গৰাকী লোকৰ বিৰুদ্ধে যোৱা বছৰ ছেপ্টেম্বৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত আদালতত ১০,১৯৬ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰা হৈছে ।
ইতিমধ্যে, পিএফআই গোচৰৰ ১৯ গৰাকী অভিযুক্তৰ ভিতৰত ১৫ গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (15 PFI leader arrested)। আৰক্ষী সূত্ৰৰ মতে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত ৯ জনৰ বিৰুদ্ধে ইউএপিএ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত কৰা চলি আছে । আনহাতে বাকী ৬ জনৰ বিৰুদ্ধে আইপিচি ১৫৩এ-ৰ অধীনত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । অভিযোগনামাত পিএফআইৰ ওপৰত সন্ত্ৰাসবাদৰ পুঁজি আৰু প্ৰশিক্ষণৰ অভিযোগ উত্থাপন কৰা হৈছে ।
অভিযোগনামাত পিএফআই কৰ্মীৰ বহুতো কাৰ্যকলাপ উল্লেখ কৰা হৈছে । ইয়াত দক্ষিণ কানাড়া জিলাৰ মিত্তুৰুত 'ফ্ৰীডম চেৰিটেবল ট্ৰাষ্ট'ৰ নামত আয়োজিত বৈঠক, ৰণনীতি সম্প্ৰসাৰণ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পুঁজি যোগান ধৰা আদিৰ বিষয়েও বিশেষভাৱে উল্লেখ কৰা হৈছে । অভিযোগনামাত অভিযোগ কৰা হৈছে যে সংগঠনটোৰ একাউণ্টত প্ৰায় ১০ বছৰ ধৰি ৪-৫ কোটি টকা জমা কৰা হৈছে (Police charge sheet against PFI leader)।