নেশ্যনেল ডেস্ক, 16 জুলাই : "মানুহে মানুহৰ বাবে".. সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই কৈ যোৱা কথাষাৰ বৰ্তমানৰ স্বাৰ্থপৰ পৃথিৱীখনতো যেন সঁচা হৈ উঠে.. তাৰেই উদাহৰণ দাঙি ধৰে বেংগালুৰুৰ কেইগৰাকীমান সচেতন ব্যক্তিয়ে ৷ ঘটনা অনুসৰি, বিগত সপ্তাহত বেংগালুৰুৰ ব্যায়তৰায়ণপুৰা অঞ্চলত হোৱা এটা পথ দুৰ্ঘটনাত এহাল স্বামী-স্ত্ৰীৰ মৃত্যু হৈছিল (Parents die in road accident ) ৷ মৃত ব্যক্তি দুগৰাকী বিজয়কলা আৰু তেওঁৰ স্বামী যোগেন্দ্ৰ (৪১) বুলি জানিব পৰা গৈছে ৷
37 বছৰীয়া বিজয়কলাৰ দুৰ্ঘটনাস্থলীতে থিতাতে মৃত্যু হৈছিল (Road accident in Bengaluru) ৷ আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা 41 বছৰীয়া যোগেন্দ্ৰৰ তিনিদিন পিছত নগৰাভৱীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হৈছিল । তাৰ পিছতো যেন বিপদে লগ নেৰিলে বিজয়কলা আৰু যোগেন্দ্ৰৰ পৰিয়ালটোক ৷ কিয়নো পিতৃক সুস্থ কৰিবলৈ চিকিৎসালয় ভৰ্তি কৰোৱাৰ বাবদ হাস্পতালৰ বিল ৫,৭২,০০০ টকা উঠাত মুৰত সৰগ ভাগি পৰে সন্তান দুটাৰ ৷