অসম

assam

ETV Bharat / bharat

Opposition Bengaluru meet : বেংগালুৰুৰ বিৰোধী ঐক্য বৈঠকত কি কি বিষয়ে প্ৰাধান্য পাব ? - বিৰোধী ঐক্য বৈঠকত কি কি বিষয়ে প্ৰাধান্য পাব

এআইচিচিৰ কৰ্মকৰ্তা চৈয়দ নাছিৰ হুছেইনে ইটিভি ভাৰতক জনোৱা মতে, দ্বিতীয় বৈঠকত এইসমূহ মূল বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব, যাৰ ওপৰত বিৰোধী ঐক্যই সহমতত উপনীত হ'ব । এই বিষয়সমূহৰ ভিতৰত আছে উন্নয়নৰ বাবে ইতিবাচক কাৰ্যসূচী, দেশজুৰি প্ৰতিবাদৰ পৰিকল্পনা, আদৰ্শগত নীতি আৰু আসন ভাগ-বতৰাৰ দৰে বিষয় ।

Opposition Bengaluru meet
Opposition Bengaluru meet

By

Published : Jul 13, 2023, 8:07 PM IST

নিউজ ডেস্ক, ১৩ জুলাই : বিৰোধী ঐক্যৰ দ্বিতীয়খন বৈঠক অহা ১৭-১৮ জুলাইত বেংগালুৰুত অনুষ্ঠিত হ'ব । কংগ্ৰেছে বৃহস্পতিবাৰে কয় যে বাংগালুৰুত দলটোৱে আয়োজন কৰিবলগা দ্বিতীয়খন বিৰোধী বৈঠকত ২৩ জুনত পাটনাত অনুষ্ঠিত প্ৰথম সন্মিলনত উত্থাপিত বিষয়বোৰৰ ওপৰত পদক্ষেপ গ্ৰহণৰ বাবে আলোচনা হ'ব আৰু তাৰ পৰা কিছু নিৰ্দিষ্ট বিষয় নিৰ্ধাৰণ কৰা হ'ব ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিবিৰোধী ৰাষ্ট্ৰীয় মঞ্চৰ বহুচৰ্চিত আলোচনাৰ পিছত প্ৰথম বিৰোধী বৈঠকখন বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডি-ইউ নেতা নীতিশ কুমাৰৰ আহ্বানত পাটনাত অনুষ্ঠিত হৈছিল । দ্বিতীয়খন বৈঠক কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ আহ্বানত অনুষ্ঠিত হ'ব, যিয়ে সংসদৰ ভিতৰত বিৰোধীৰ এংকৰৰ ভূমিকা পালন কৰি আহিছে ।

"২৩ জুনত পাটনাৰ বৈঠকখন আছিল ১৫ টা সমভাবাপন্ন দলৰ প্ৰাৰম্ভিক বৈঠক । তাত বিজেপিৰ বিৰুদ্ধে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এক উমৈহতীয়া মঞ্চৰ অধীনলৈ আহিবলৈ সকলোৱে সন্মত হৈছিল । বেংগালুৰুৰ দ্বিতীয়খন বৈঠকত নিৰ্দিষ্ট বিষয়বোৰ নিৰ্ধাৰণ কৰা হ'ব ।" এআইচিচিৰ কৰ্মকৰ্তা চৈয়দ নাছিৰ হুছেইনে ইটিভি ভাৰতৰ আগত কয় ।

তেওঁৰ মতে, দ্বিতীয় বৈঠকত বিৰোধী ঐক্যৰ ভেটি স্থাপন হ'বলগা মূল স্তম্ভসমূহৰ ওপৰত আলোচনা কৰা হ'ব । ইয়াৰ ভিতৰত আছে উন্নয়নৰ বাবে এক ইতিবাচক কাৰ্যসূচী, দেশজুৰি প্ৰতিবাদৰ পৰিকল্পনা, আদৰ্শগত নীতি আৰু আসন ভাগ-বতৰা ।

"আমি সকলোৱে পৃথকে আলোকপাত কৰি অহা বিষয়বোৰ চিনাক্ত কৰিব লাগিব । কিন্তু এতিয়া এই বিষয়বোৰ যুটীয়াভাৱে উত্থাপন কৰিম । তাৰ পিছত আমি দলবোৰৰ সন্মুখত শাসনৰ এক উমৈহতীয়া ন্যূনতম কাৰ্যসূচী উপস্থাপন কৰিব লাগিব । যিহেতু এই দলবোৰ বিভিন্ন আদৰ্শগত পটভূমিৰ পৰা আহিছে, সেয়ে আমি এক উমৈহতীয়া আদৰ্শগত মঞ্চ বিচাৰি উলিয়াব লাগিব য'ত এই সকলো দলে একেলগে অৱদান আগবঢ়াব পাৰে । পৰিশেষত কোনটো ক্ষেত্ৰত কোন শক্তিশালী আৰু কিমানখন আসনত কাক প্ৰতিদ্বন্দ্বিতা কৰিব দিব লাগিব সেই বিষয়ত সিদ্ধান্ত কৰিব লাগিব ।" হুছেইনে কয় ।

এআইচিচিৰ কৰ্মকৰ্তাজনে লগতে কয় যে দ্বিতীয় বৈঠকত সৰু সৰু দলবোৰেও অংশগ্ৰহণ কৰিব, যাৰ সংসদত সদস্য নাই কিন্তু ৰাজ্যসমূহত প্ৰভাৱ আছে ।

আনহাতে, কংগ্ৰেছক আক্ৰমণ কৰি অহা তৃণমূল আৰু আপৰ বিষয়ে সোধাত এআইচিচিৰ কৰ্মকৰ্তাজনে কয় যে ২০২৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচন ৰাজ্যৰ যুঁজতকৈ অধিক গুৰুত্বপূৰ্ণ । সেয়েহে ইয়াক বৃহত্তৰ দৃষ্টিকোণৰ পৰা চোৱাটো প্ৰয়োজন । "ৰাজ্যসমূহত আঞ্চলিক দলসমূহৰ সৈতে প্ৰতিযোগিতা আছে । কিন্তু কংগ্ৰেছ এক ৰাষ্ট্ৰীয় দল । ইয়াৰ এটা ৰাষ্ট্ৰীয় দৃষ্টিভংগী থাকিব লাগিব । লগতে দেশত গণতন্ত্ৰ ৰক্ষা, আক্ৰমণৰ সন্মুখীন হোৱা সংবিধানৰ সুৰক্ষা, সামাজিক সম্প্ৰীতি সংৰক্ষণ আৰু সামগ্ৰিক বিকাশক উন্নীত কৰাৰ বাবে সমআদৰ্শৰ দলসমূহক একত্ৰিত কৰাৰ প্ৰয়োজন আছে । ভাৰতৰ বৈচিত্ৰ্যৰ ধাৰণাটো আক্ৰমণৰ সন্মুখীন হৈছে । আমি সকলোৱে ইয়াক প্ৰতিৰোধ কৰিব লাগিব । যেতিয়া শীৰ্ষ নেতাসকলে সাক্ষাৎ কৰিব আৰু আলোচনা কৰিব, তেতিয়া এক ৰাষ্ট্ৰীয় পৰিকল্পনা উদ্ভৱ হ'ব ।" হুছেইনে কয় ।

লগতে পঢ়ক :PM Modi France Visit : ফ্ৰান্সত উপস্থিত প্ৰধানমন্ত্ৰী; পেৰিছ বিমানবন্দৰত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথৰ আদৰণি

ABOUT THE AUTHOR

...view details