অসম

assam

ETV Bharat / bharat

বাংগালুৰুৰ বিমানবন্দৰত স্থাপন অচল বিমান পুনৰুদ্ধাৰ কিট - অচল বিমান পুনৰুদ্ধাৰৰ সা-সৰঞ্জাম

বাংগালুৰুৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰে স্থাপন কৰিছে অচল বিমানৰ পুনৰুদ্ধাৰৰ সা-সৰঞ্জাম । ইয়াৰ ফলত ৰাণৱেত অচল হৈ থকা বিমান সমূহ আঁতৰ কৰিবলৈ সহায়ক হ'ব বুলি জনালে বিমান বন্দৰটোৰ কৰ্তৃপক্ষই ।

কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰ
কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰ

By

Published : Feb 24, 2021, 4:23 PM IST

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী: জৰুৰী কালীন অৱস্থাৰ আৰম্ভণিতে ৰাণৱে পৰিষ্কাৰ কৰিবলৈ বাংগালুৰুৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰত এটা অচল বিমান পুনৰুদ্ধাৰ কিট স্থাপন কৰা হৈছে । এই কিট ব্যৱহাৰৰ ফলত ৰাণৱেৰ অচল বিমানসমূহ আঁতৰ কৰি পুনৰ দ্ৰুতগতিৰে অভিযান আৰম্ভ কৰিবলৈ সহায়ক হ'ব । এই ধৰণৰ ব্যৱস্থা দক্ষিণ এছিয়াৰ ভিতৰত এইটোৱে প্ৰথম হিচাপে গণ্য কৰা হৈছে বুলি এক বিবৃতিযোগে প্ৰকাশ কৰা হয় । জাৰ্মান ভিত্তিক কুঞ্জ জিএমবিএইচৰ দ্বাৰা নিৰ্মান কৰা অচল বিমান পুনৰুদ্ধাৰ কিটটো বাংগালুৰু আন্তৰ্জাতিক বিমানবন্দৰ লিমিটেড চমুকৈ বিআইএএলৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী হৰি মাৰাই উদ্বোধন কৰে । অচল বিমানৰ উৰণৰ ফলত যিকোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বিমানবন্দৰটোৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ।

২০২০ চনত স্বাক্ষৰিত চুক্তি অনুসৰি, কুঞ্জে কিটটো পৰিচালনা কৰিব আৰু এই প্ৰযুক্তি চহৰখনৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰে দেৱনাহাল্লি বিমানবন্দৰত অচল বিমান পুনৰুদ্ধাৰ প্ৰশিক্ষণৰ এটা কেন্দ্ৰও স্থাপন কৰা হ'ব । ইয়াৰোপৰি, বিমানবন্দৰৰ ৰাণৱেত জৰুৰীকালীন অৱস্থাৰ বাবে সঞ্চালকে দ্ৰুত সঁহাৰিৰ পুনৰুদ্ধাৰ এটা দলৰ গঠন কৰিব । লগতে ৰাণৱেত জৰুৰীকালীন সময়ত সৰ্ববৃহৎ যাত্ৰীবাহী বিমান এয়াৰবাছ এ ৩৮০ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব । কুঞ্জৰ পৰিচালন সঞ্চালক এণ্ড্ৰিয়াছ ফুগে আৰু মিলেনিয়াম এৰো ডাইনামিক্স লিমিটেডৰ অধ্যক্ষ মিলন আৰ জাটাকিয়া বিমানবন্দৰত সা-সৰঞ্জাম স্থাপন কৰাত উপস্থিত আছিল ।

লগতে পঢ়ক: Toolkit case : দিশা ৰবিৰ জামিন আবেদন মঞ্জুৰ

ABOUT THE AUTHOR

...view details