নিউজ ডেস্ক, ৯ জানুৱাৰী : ষ্টাৰ্ট-আপ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে ৪ বছৰীয়া পুত্ৰক হত্যাৰ অভিযোগ । ৩৯ বছৰীয়া সুচনা শেঠ নামৰ মহিলাগৰাকীয়ে গোৱাত তেওঁৰ পুত্ৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । আনহাতে, হত্যাৰ পিছত তেওঁ মৃতদেহটো লৈ কৰ্ণাটকলৈ যাত্ৰা কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।
গোৱা আৰক্ষীয়ে ইতিমধ্যে সোমবাৰে কৰ্ণাটকৰ চিত্ৰদুৰ্গত অভিযুক্ত সুচনা শেঠক গ্ৰেপ্তাৰ কৰে । অৱশ্যে হত্যাৰ আঁৰৰ উদ্দেশ্য সন্দৰ্ভত এতিয়াও একো জানিব পৰা হোৱা নাই বুলি এগৰাকী আৰক্ষী বিষয়াই জনায় ।
ইফালে সুচনা শেঠৰ লিংকডইন পেজ অনুসৰি, তেওঁ হৈছে দ্য মাইণ্ডফুল এআই লেব নামৰ এটা ষ্টাৰ্ট-আপৰ মুখ্য কাৰ্যবাহী বিষয়া । 2021 চনত তেওঁ এআই এথিক্সত 'শীৰ্ষ 100 প্ৰতিভাৱান মহিলা'ৰ তালিকাত আছিল । ৬ জানুৱাৰীত তেওঁ পুত্ৰৰ সৈতে উত্তৰ গোৱাৰ কেণ্ডোলিমত এটা ভাড়াত পোৱা এপাৰ্টমেণ্টত প্ৰৱেশ কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।
তাত দুদিন থকাৰ পিছত এপাৰ্টমেণ্টটোৰ কৰ্মচাৰীসকলক কিবা কামৰ বাবে বেংগালুৰুলৈ যাবলৈ টেক্সীৰ ব্যৱস্থা কৰিবলৈ কয় । অৱশ্যে কৰ্মচাৰীসকলে তেওঁক পৰামৰ্শ দিছিল যে তেওঁ বেংগালুৰুলৈ বিমানত যাব পাৰে । কিয়নো বিমানতকৈ টেক্সী ভাড়া অতি বেছি । কিন্তু অভিযুক্তই টেক্সীৰে ভ্ৰমণ কৰিব বুলি জনাইছিল আৰু সোমবাৰে এখন টেক্সীত উঠি পুৱা ওলাই গৈছিল ।
কিন্তু তেওঁৰ প্ৰস্থানৰ পিছত এপাৰ্টমেণ্টটোৰ কৰ্মচাৰীসকলে তেওঁৰ কোঠাটো পৰিষ্কাৰ কৰিবলৈ যোৱাত টাৱেল এখনত তেজৰ দাগ প্ৰত্যক্ষ কৰে । এই বিষয়ে এপাৰ্টমেণ্টটোৰ কৰ্তৃপক্ষক জনোৱাত তেওঁলোকে লগে লগে কেলাঙ্গুট আৰক্ষীক ঘটনাটো অৱগত কৰে । এই তথ্য লাভৰ লগে লগে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় ।