অসম

assam

ETV Bharat / bharat

পশ্চিমবংগৰ ৪৫ টা সমষ্টিত পঞ্চম পৰ্যায়ৰ ভোটদান - Bengal elections

নিৰ্বাচন আয়োগৰ সিদ্ধান্তমৰ্মে মুক্ত আৰু নিৰপেক্ষ ভোটদানৰ বাবে পশ্চিমবংগত কেন্দ্ৰীয় বাহিনীৰ কমেও ৮৫৩ টা কোম্পানী মোতায়েন কৰা হৈছে । নিৰ্বাচন আয়োগৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে ভোটদানৰ সময়ত ক'ভিড প্ৰট’কল কঠোৰভাৱে পালনৰো নিৰ্দেশনা দিছে নিৰ্বাচন আয়োগে ।

পশ্চিমবংগৰ ৪৫ টা সমষ্টিত পঞ্চম পৰ্যায়ৰ ভোটদান
পশ্চিমবংগৰ ৪৫ টা সমষ্টিত পঞ্চম পৰ্যায়ৰ ভোটদান

By

Published : Apr 17, 2021, 6:40 PM IST

নেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল:ক'ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণৰ মাজতে শনিবাৰে পশ্চিমবংগৰ ৪৫ টা সমষ্টিত অনুষ্ঠিত হৈছে পঞ্চম পৰ্যায়ৰ নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বৰ পৰ্যায়সমূহত ৰাজ্যখনত কেইবাটাও স্থানত সংঘটিত হিংসাত্মক ঘটনাত কেইবাগৰাকী লোকে প্ৰাণ হেৰুৱাইছে যাৰ বাবে পঞ্চম পৰ্যায়ৰ নিৰ্বাচত অধিক কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৰাজ্যখনত । ইয়াৰ মাজতে দলে বলে পশ্চিমবংগত ভোট দিবলৈ ওলাই আহিছে ভোটাৰসকল । দুই এঠাইত ভোটাৰৰ ভিৰৰ বাবে কঠোৰ পদক্ষেপো ল'বলগীয়া হৈছে প্ৰশাসনে ।

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত মৰ্মে মুক্ত আৰু নিৰপেক্ষ ভোটদানৰ বাবে ৰাজ্যখনত কেন্দ্ৰীয় বাহিনীৰ কমেও ৮৫৩ টা কোম্পানী মোতায়েন কৰা হৈছে । নিৰ্বাচন আয়োগৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে ভোটদানৰ সময়ত ক'ভিড প্ৰট'কল কঠোৰভাৱে পালনৰো নিৰ্দেশনা দিছে নিৰ্বাচন আয়োগে ।

পশ্চিমবংগৰ ৪৫ টা সমষ্টিত পঞ্চম পৰ্যায়ৰ ভোটদান

ইয়াৰ মাজতে পশ্চিমবংগত বৃহস্পতিবাৰে দৈনিক আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ ৬,৭৬৯ গৰাকী লোকৰ দেহত ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি আৰু একেদিনাই মহামাৰীত প্ৰায় ২২ গৰাকী লোকৰ মৃত্যু হৈছে ।

আনহাতে পঞ্চম পৰ্যায়ত কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিত আছে প্ৰভাৱশালী নেতা । তাৰ ভিতৰত আছে শিলিগুৰিৰ মেয়ৰ আৰু বাওঁমৰ্চাৰ নেতা অশোক ভট্টাচাৰ্য, ৰাজ্যিক মন্ত্ৰী গৌতম দেৱ আৰু ব্ৰত্য বসু আৰু বিজেপিৰ সমিক ভট্টাচাৰ্য ।

উত্তৰ ২৪ পৰগণাৰ ৪৫ টা সমষ্টিৰ ১৫,৭৮৯ টা ভোটকেন্দ্ৰত, পুৰবা বৰ্ধমান আৰু নাদিয়াৰ আঠখন, জলপাইগুৰিত সাতখন, দাৰ্জিলিঙৰ পাঁচখন আৰু কালিম্পং জিলাৰ এখন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।

এই পৰ্যায় শাসকীয় তৃণমূল কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো ২০১৬ চনৰ ৩২ খন আসন লাভ কৰিছিল এই সমষ্টিসমূহত । এইবাৰ তাতকৈও বেছি আসনৰ চিন্তা কৰিছে টিএমচিয়ে । বিজেপিয়েও বেছি আসনৰ আশা এৰি দিয়া নাই । আনহাতে ২০১৬ ত বাওঁ-কংগ্ৰেছ মিত্ৰজোঁটে ১০ খন আসন লাভ কৰিছিল ।

ইয়াৰ মাজতে বাকী থকা আসনসমূহৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাইছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । ক'ভিড পৰিস্থিতিৰ বাবে এই আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:গুলমাৰ্গত প্ৰবল তুষাৰপাত

ABOUT THE AUTHOR

...view details