নিউজ ডেস্ক, 17 এপ্ৰিল : পশ্চিমবংগৰ আজি অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায় ভোটগ্ৰহণ ৷ পঞ্চম পৰ্যায় ভোটগ্ৰহণত ৰাজ্যখনৰ প্ৰায় 1 কোটিত কৈ অধিক ভোটাৰে নিৰ্ণয় কৰিব 342 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ পুৱা 11 বজালৈ ৰাজ্যখনত 36.02% ভোটদান সম্পন্ন হৈছে ৷
পশ্চিমবংগ নিৰ্বাচন: পুৱা 11 বজালৈ 36.02% ভোটদান সম্পন্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটৰ জড়িয়তে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত ভোটাৰসকলক বৃহৎ সংখ্যাত ভোটদান কৰিবলৈ আহ্বান জনায় । তেওঁ বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদান অধিকাৰ লাভ কৰাসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰা উচিত বুলি উল্লেখ কৰে ৷
পশ্চিমবংগ নিৰ্বাচন: পুৱা 11 বজালৈ 36.02% ভোটদান সম্পন্ন বাৰানগৰত বিজেপি প্ৰাৰ্থী পৰ্নো মিত্ৰক ভোটকেন্দ্ৰত প্ৰৱেশ কৰাত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে । ইপিনে কামাৰহাটিৰ ১০৭ নং বুঠত বিজেপি কৰ্মীৰ মৃত্যু হয় ৷ মৃত বিজেপি কৰ্মীজন অভিজিৎ সামন্ত বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত নিৰ্বাচনী আয়োগে প্ৰতিবেদন দাখিল কৰাৰ আহ্বান জনাইছে ৷ টিএমচি নেতা মদন মিত্ৰই কামাৰহাটিৰ এটা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ।
লগতে পঢ়ক :পশ্চিম বংগৰ 45 টা সমষ্টিত আজি পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ