অসম

assam

ETV Bharat / bharat

69.31 শতাংশ ভোটদানেৰে পশ্চিম বংগৰ তিনিটা সমষ্টিত সম্পন্ন উপ-নিৰ্বাচন - undefined

ভাৰতৰ নিৰ্বাচন আয়োগৰ অনুমতি তথা নিৰ্দেশ সাপেক্ষে দক্ষিণ কলকাতাৰ ভৱানীপুৰকে ধৰি সমচেৰগঞ্জ আৰু জাংগীপুৰ বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হয় ৷ এই তিনিটা বিধানসভা সমষ্টিত গড় ভোটদানৰ হাৰ 69.31 শতাংশ বুলি জানিব পৰা গৈছে ৷

Bengal elections
Bengal elections

By

Published : Sep 30, 2021, 8:29 PM IST

নেশ্যনেল ডেস্ক , 30 ছেপ্টেম্বৰ :পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পাচতসংঘটিতনিৰ্বাচনোত্তৰ হিংসাৰ বিষয়ে পশ্চিমবংগৰ ৰাজনীতিত এতিয়াও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থকাৰ মাজতে মাজতে বৃহস্পতিবাৰে ৰাজ্যখনৰ তিনিটা বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হয় ৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ অনুমতি তথা নিৰ্দেশ সাপেক্ষে দক্ষিণ কলকাতাৰ ভৱানীপুৰকে ধৰি সমচেৰগঞ্জ আৰু জাংগীপুৰ বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হয় ৷ সেই অনুসৰি, আবেলি পাঁচ বজালৈকে এই তিনিটা বিধানসভা সমষ্টিত গড় ভোটদানৰ হাৰ 69.31 শতাংশ বুলি জানিব পৰা গৈছে ৷

Bengal elections

প্ৰাপ্ত তথ্য অনুসৰি, আবেলি পাঁচ বজালৈকে ভৱানীপুৰত ভোটদানৰ হাৰ আছিল ৫৩.৩২ শতাংশ ৷ ইয়াৰ পৰিৱৰ্তে সমচেৰগঞ্জত ভোটদানৰ হাৰ আছিল 78.60 শতাংশ আৰু জাংগীপুৰত এই পৰিমাণ আছিল 76.12 শতাংশ ৷ উল্লেখ্য যে, এইবাৰৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নন্দীগ্ৰাম সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়ৰ সন্মুখীন হৈছিল ৷ কিন্তু, তেওঁ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ গাদী ধৰি ৰখাৰ বাবে এই উপ-নিৰ্বাচনত ভৱানীপুৰ সমষ্টিৰ পৰা জয়লাভ কৰাটো মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাবে অত্যাৱশ্যকীয় হৈ পৰিছে ৷

এইবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সমুখ সমৰৰ প্ৰতিদ্বন্দ্বী হৈছে বিজেপিৰ প্ৰিয়ংকা টিব্ৰেৱাল( Priyanka Tibrewal) আৰু চিপিআই(এম)ৰ শ্ৰীজিব বিশ্বাস(Srijib Biswas) ৷ দুয়োগৰাকী প্ৰতিদ্বন্দ্বীয়ে ব্যক্তিগত জীৱনত পেছাদাৰী অধিবক্তা ৷ উল্লেখ্য যে, পুৱাৰে পৰা ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণ আছিল যদিও বিজেপি প্ৰাৰ্থীসকলে পুৱাৰে পৰা শাসকীয় তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে ভোটদানৰ অপব্যৱহাৰ, মিছা ভোটদান আৰু ভুৱা ভোটাৰৰ ভোটদানৰ সহায় লোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছিল ৷

টিব্ৰেৱালে আনকি ৰাজ্যিক কেবিনেটৰ মন্ত্ৰীসকলৰ দুগৰাকী হেভিৱেট সদস্য সুব্ৰত মুখাৰ্জী(Subrata Mukherjee) আৰু ফিৰহাদ হাকিমে(Firhad Hakim) তেওঁলোকৰ অনুগামীসকলৰ সৈতে অঞ্চলটোত ঘূৰি ফুৰি ভোটাৰসকলক প্ৰভাৱিত কৰা বুলি ভাৰতীয় নিৰ্বাচন আয়োগৰ ওচৰত এক অভিযোগো দাখিল কৰে ৷ নিৰ্বাচন শেষ নোহোৱালৈকে এই দুয়োজন মন্ত্ৰীক ভৱানীপুৰৰ বাহিৰৰ এখন স্থানীয় আৰক্ষী থানাত এককভাৱে আৰু নিৰীক্ষণত ৰাখিব লাগে বুলিও টিব্ৰেৱালে দাবী উত্থাপন কৰে ৷

অৱশ্যে, মুখাৰ্জী আৰু হাকিম দুয়োজনে এই অভিযোগ অস্বীকাৰ কৰে । হাকিমে কয়, "স্থানীয় চাহৰ দোকানত একাপ চাহ খোৱাৰ অৰ্থ এইটো নহয় যে মই ভোটাৰসকলক প্ৰভাৱিত কৰি আছিলো," । মুখাৰ্জীয়ে কয় যে, তেওঁ বুথত প্ৰৱেশ কৰা নাছিল বা ভোটাৰসকলক প্ৰভাৱিত কৰাৰ কোনো প্ৰয়াস কৰা নাছিল ৷

আশ্বৰ্যজনকভাৱে বৃহস্পতিবাৰে নিৰ্বাচন অনুষ্ঠিত হোৱা তিনিটা সমষ্টিৰ বাবে নিৰ্বাচন আয়োগৰ ওচৰত নিৰ্বাচনী অসদাচৰণৰ মুঠ 41 টা অভিযোগ দাখিল কৰা হৈছিল ৷ ইয়াৰ ভিতৰত 29 টা অভিযোগেই ভৱানীপুৰৰ সৈতে সম্পৰ্কিত । অৱশ্যে, দিনটোৰ শেষত 29 টা অভিযোগৰ ভিতৰত 23 টা অভিযোগেই নিৰ্বাচন আয়োগে প্ৰত্যাখান কৰে ৷

ৰাতিপুৱাৰ পৰা সকলোৰে চকু ভৱানীপুৰৰ ওপৰত আছিল । গোটেই সমষ্টিটো নিৰাপত্তা আৱৰণৰ অধীনত সামৰি লোৱা হৈছিল । কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ 35 টা কোম্পানীৰ উপৰিও, কলকাতা আৰক্ষীৰ 2,500 কৰ্মচাৰীক ভোটগ্ৰহণথলীত নিয়োজিত কৰা হৈছিল । সমগ্ৰ নিৰাপত্তা ব্যৱস্থাটো আৰক্ষী উপায়ুক্ত পদবীৰ চাৰিজন বিষয়া আৰু অতিৰিক্ত আৰক্ষী আয়ুক্তৰ পদবীৰ দুজন বিষয়াৰ দ্বাৰা তত্বাৱধান কৰা হৈছিল ৷

Service votersকে ধৰি ভৱানীপুৰৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,06,522 জন । ইয়াৰ লগতে ৫ জন বিদেশী ভোটাৰ আৰু ৪ জন তৃতীয় লিংগৰ ভোটাৰ আছে ৷ ভৱানীপুৰত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ২৮৭ টা, যাৰ ভিতৰত ২৬৯ টা মুখ্য ভোটকেন্দ্ৰ আৰু ১৮ টা সহায়ক ভোটকেন্দ্ৰ ৷ ভৱানীপুৰত মুঠ ১২ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ ইফালে, সমচেৰগঞ্জ আৰু জাংগীপুৰত service electors সহ মুঠ ভোটাৰৰ সংখ্যা ক্ৰমান্বয়ে ২,৩৫,৫৭৬ আৰু ২,৫৫০৬৬ জন । ভোটকেন্দ্ৰৰ সংখ্যা ক্ৰমান্বয়ে ৩২৯ আৰু ৩৬৩ টা।

লগতে পঢ়ক :ভৱানীপুৰ উপ-নিৰ্বাচন : তৃণমূল কংগ্ৰেছে বুথ দখল কৰাৰ অভিযোগ বিজেপিৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details