অসম

assam

Special marriage held Hampi Temple: কইনা বেলজিয়ামৰ সমাজকৰ্মী, দৰা ভাৰতৰ অটোচালক

By

Published : Nov 25, 2022, 7:52 PM IST

বেলজিয়ামৰ যুৱতীৰে বিবাহত আৱদ্ধ ভাৰতীয় যুৱক ৷ প্ৰায় চাৰি বছৰীয়া প্ৰেমৰ পাছত সম্পূৰ্ণ ভাৰতীয় পৰম্পৰা অনুসৰি বিবাহ পাশত আৱদ্ধ হয় দুয়ো ৷

Special marriage held Hampi Temple
বেলজিয়ামৰ কইনা, ভাৰতৰ দৰা

নিউজ ডেস্ক, ২৫ নৱেম্বৰ: কৰ্ণাটকৰ হাম্পিৰ বিখ্যাত বীৰুপকেশ্বৰ মন্দিৰত শুকুৰবাৰে অনুষ্ঠিত এখন বিশাল বিবাহ অনুষ্ঠানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়(A grand wedding) ৷ এই বিবাহৰ জৰিয়তে বেলজিয়ামৰ যুৱতী কেমিল আৰু কৰ্ণাটকৰ বিজয়নগৰৰ যুৱক অনন্তৰাজুৰ প্ৰায় চাৰি বছৰীয়া প্ৰেমে পূৰ্ণতা লাভ কৰে ৷ কেমিলে সম্পূৰ্ণ ভাৰতীয় পৰম্পৰা অনুসৰি এই বিবাহপাশত আৱদ্ধ হয় ৷

কেমিল আৰু অনন্তৰাজুৱে শুকুৰবাৰে পুৱা ৯.২৫ বজাত কুম্ভ লগনৰ পবিত্ৰ ক্ষণত বিবাহ পাশত আৱদ্ধ হয় । অনন্তৰাজু হাম্পি জনতা প্লটৰ ৰেণুকাম্মা আৰু স্বৰ্গীয় অঞ্জিনাপ্পাৰ পুত্ৰ । তেওঁ হাম্পিত অটো চলোৱাৰ লগতে গাইড হিচাপে কাম কৰে । আনহাতে কেমিল বেলজিয়ামৰ এগৰাকী সমাজকৰ্মী । তেওঁলোক দুয়ো প্ৰথমবাৰ হাম্পিত লগ পাইছিল ।

চাৰি বছৰ পূৰ্বে হাম্পিলৈ ফুৰিবলৈ অহা কেমিলৰ পৰিয়ালটোক অনন্তৰাজুৱে সহায় কৰিছিল । সেই সময়ত, কেমিলৰ পৰিয়ালৰ সদস্যসকলে অনন্তৰাজুৰ সততা ভাল পাইছিল । ইয়াৰ পাছতেই আৰম্ভ হৈছিল কেমিল আৰু অনন্তৰাজু প্ৰেমৰ সম্পৰ্ক ৷ কেমিল বেলজিয়ামৰ জীপ ফিলিপৰ তৃতীয় কন্যা ৷

কেমিল আৰু অনন্তৰাজুৱে তিনি বছৰ আগতে বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল । কিন্তু কৰ’ণা মহামাৰীৰ বাবে তেওঁলোকৰ বিবাহৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল ৷ কেমিলৰ পিতৃ-মাতৃয়ে তেওঁলোকে জীয়েকৰ বিবাহ অনুষ্ঠান বেলজিয়ামত বিশাল আয়োজনেৰে অনুষ্ঠিত কৰিব ৷

কিন্তু অনন্তৰাজু আৰু তেওঁৰ পৰিয়ালে হিন্দু পৰম্পৰা অনুসৰি হাম্পিত তেওঁলোকৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিছিল ৷ কেমিলৰ পিতৃ জীপ ফিলিপ এই কথাত সন্মত হৈছিল আৰ বৃহস্পতিবাৰে সন্ধিয়া তেওঁলোকৰ বাগদান সম্পন্ন হৈছিল ৷ আনহাতে আজি পুৱা আড়ম্বৰপূৰ্ণভাৱে তেওঁলোকৰ বিবাহ সম্পন্ন হয় ।

লগতে পঢ়ক:Modi Gujarat meeting : গুজৰাটৰ প্ৰচাৰ সভাত মোডীয়ে আশীৰ্বাদ লোৱা কোন সেইগৰাকী মানেক বা ?

ABOUT THE AUTHOR

...view details