অসম

assam

ETV Bharat / bharat

Bhagalpur court bribe case : ২ টকা উৎকোচ লৈ ধৰা পৰিছিল ৫ আৰক্ষী ! ৩৭ বছৰ পিছত নিৰ্দোষী সাব্যস্ত - Begusarai SP bribe case in Bhagalpur court

ভাগলপুৰ আদালতে অবৈধ ধন দাবী সম্পৰ্কীয় ৩৭ বছৰ পুৰণি গোচৰত পাঁচজন আৰক্ষীক নিৰ্দোষী সাব্যস্ত কৰিছে । ১৯৮৬ চনত পাঁচজন আৰক্ষীৰ বিৰুদ্ধে ধনদাবীৰ গোচৰ ৰুজু কৰা হয় । এই আৰক্ষীকেইজনৰ ওপৰত ২ টকা দাবী কৰাৰ অভিযোগ আছিল ।

Bhagalpur court bribe case
Bhagalpur court bribe case

By

Published : Aug 3, 2023, 4:00 PM IST

নিউজ ডেস্ক, ৩ আগষ্ট :১৯৮৬ চনৰ ১০ জুনৰ নিশাৰ ঘটনা । ঘটনাৰ স্থান বেগুচৰাই জিলাৰ লাখো আৰক্ষী চকী । এই আৰক্ষী চকীত এজন বিষয়াসহ পাঁচজন আৰক্ষী কৰ্তব্যত নিয়োজিত আছিল । তেওঁলোকে বাহনৰ পৰীক্ষা কৰি আছিল । তাৰ মাজতে কোনো লোকে বাহনসমূহৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ বিষয়ে আৰক্ষী অধীক্ষকক খবৰ দিয়ে । খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষকগৰাকী । ঘটনাস্থলীলৈ আহি আৰক্ষীকেইজনক ২ টকা লোৱাৰ সময়ত হাতে-লোটে ধৰা পেলায় ।

ইয়াৰ পিছত মুফাচিল আৰক্ষী থানাত আৰক্ষীকেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় । বিষয়টো গৈ নিম্ন আদালত পায় । ইয়াৰ পিছত গোচৰটোৰ কেইবাবাৰো শুনানি হয় । অৱশেষত ৩৭ বছৰৰ পিছত পাঁচ অভিযুক্ত আৰক্ষীক মুকলি কৰি দিয়া হয় । আদালতে ৩৭ বছৰ পিছত নিৰ্দোষী সাব্যস্ত কৰা আৰক্ষীকেইজন হৈছে ৰামৰতন শৰ্মা, কৈলাস শৰ্মা, জ্ঞানী শংকৰ, যুগেশ্বৰ মাহাতো আৰু ৰামবালক ৰায় ।

গোচৰটো চলি আছিল ভিজিলেন্স আদালতত । ভাগলপুৰ ভিজিলেন্স আদালতৰ বিশেষ ন্যায়াধীশসহ ৫ গৰাকী সহকাৰী ন্যায়াধীশৰ আদালতে তেওঁলোক আটাইকেইজনকে নিৰ্দোষী সাব্যস্ত কৰিছে । অভিযোগকাৰী পক্ষই আদালতত গোচৰটোত অভিযুক্ত জড়িত থকাৰ কোনো সাক্ষী থিয় কৰাবলৈ সক্ষম নহ'ল, যাৰ দ্বাৰা অভিযুক্ত দোষী বুলি সাব্যস্ত হয় । এনে পৰিস্থিতিত আদালতে প্ৰমাণৰ অভাৱত তেওঁলোক সকলোকে নিৰ্দোষী সাব্যস্ত কৰে ।

অবৈধ ধন সংগ্ৰহ সন্দৰ্ভত বেগুচৰাইৰ তদানীন্তন পৌৰ নিগমৰ আঞ্চলিক পৰিদৰ্শক সৰযু বৈথাৰ বিবৃতিত গোচৰটো পঞ্জীয়ন কৰা হৈছিল । বৈথাই তেওঁৰ বিবৃতিত কৈছিল যে যেতিয়া তেওঁ লাখো পেট্ৰ'ল পাম্পত উপস্থিত হৈছিল, তেতিয়া তাত উপস্থিত থকা বেগুচৰাইৰ এছ পি অৰবিন্দ বাৰ্মাই কৈছিল যে আৰক্ষী বিষয়া আৰু জোৱানসকলে লাখো আৰক্ষী চকীত বাহনৰ পৰা ধন সংগ্ৰহ কৰি আছিল । এছ পিয়ে আৰক্ষী চকীলৈ গৈ অনুসন্ধান কৰিবলৈও কয় ।

ইয়াৰ ঠিক পিছতে তদানীন্তন বেগুচৰাইৰ এছপি অৰবিন্দ বাৰ্মাই সেই সময়ত পাৰ হৈ যোৱা এখন ট্ৰাক ৰখায় আৰু তাত তেওঁ বহে । এছপিয়ে দুই টকাৰ এখন নোটত স্বাক্ষৰ কৰি খালাচীৰ হাতত দিয়ে । যেতিয়া ট্ৰাকখন গৈ আৰক্ষী চকীত উপস্থিত হয় তেতিয়া তাত থকা আৰক্ষী জোৱানে বেৰিকেড খুলি দিয়ে । ইয়াৰ পিছত খালাচী ট্ৰাকৰ পৰা নামি তাত উপস্থিত থকা আৰক্ষীক দুটকাৰ নোট এখন দিয়ে । আৰক্ষীজনে নোটখন নিজৰ পকেটত ভৰাই থয় । ইয়াৰ পিছত উভতি আহি খালাচীজনে সমগ্ৰ কথা এছ পিৰ আগত কয় ।

তাৰ পিছত ট্ৰাকত থকা তদানীন্তন বেগুচৰাইৰ এছ পি অৰবিন্দ বাৰ্মাকে ধৰি আন বিষয়াসকলে ট্ৰাকৰ পৰা নামি আৰক্ষী চকীত নিয়োজিত আৰক্ষীজনক তালাচী চলায় । তেওঁৰ পকেটত ২ টকীয়া নোট এখন পোৱা যায়, য'ত তদানীন্তন বেগুচৰাইৰ এ ছপি অৰবিন্দ বাৰ্মাই স্বাক্ষৰ কৰিছিল । লগতে আন কিছু নোটো ওলায় ।

এই গোচৰটো চলি আছিল ভাগলপুৰ আদালতত । উল্লেখ্য যে ১৮৩২ চনত মুংগেৰ জিলা ভাগলপুৰৰ পৰা পৃথক কৰা হৈছিল । তাৰ পিছতো মুংগেৰ জিলাৰ আয়ুক্তজনেই বহু দিন ধৰি ভাগলপুৰো চম্ভীলি আছিল । ইয়াৰ পিছত মুংগেৰক ভাগলপুৰৰ পৰা পৃথক কৰা হয় আৰু এজন স্বতন্ত্ৰ আয়ুক্ত নিয়োগ কৰা হয় । ১৯৭২ চনৰ ২ অক্টোবৰত বেগুচৰাই মুংগাৰ জিলাৰ পৰা ওলাই আহে । সেয়েহে ভাগলপুৰ আদালতত এই গোচৰটো চলি আছিল ।

লগতে পঢ়ক :Gyanvapi ASI survey: আকৌ আৰম্ভ হ'ব জ্ঞানবাপীৰ জৰীপ; উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত

ABOUT THE AUTHOR

...view details