নেচনেল ডেস্ক, 23 এপ্ৰিল :আমাৰ দেশখনত ধৰ্মই সদায়েই লাভ কৰি আহিছে বিশেষ গুৰুত্ব ৷ বিভিন্ন সময়ত ধৰ্মৰ বাবেই দেশখনৰ লোকসকলে কৰা কৰ্ম-কাণ্ডই দখল কৰ আহিছে সংবাদ শিৰোনাম ৷ ইয়াৰোপৰি একেবাৰেই সাধাৰণভাৱে দেখা যায় প্ৰায় প্ৰতিটো ধৰ্মৰ ধৰ্মালম্বী লোকসকলে আগবঢ়াই আহিছে ধৰ্মীয় অনুষ্ঠান সমূহলৈ দান-বৰঙণি ৷ ইয়াৰ মাজতে এটা মন্দিৰলৈ বৰঙণি আগবঢ়াই এতিয়া এক প্ৰকাৰৰ চেলিব্ৰেটী হৈ পৰিছে এগৰাকী বৃদ্ধা ৷
পিছে, দান-বৰঙণি আগবঢ়াই চৰ্চা লাভ কৰি মহিলা গৰাকী নহয় কোনো আঢ্যৱন্ত মহিলা ৷ মন্দিৰৰ বাহিৰত ভিক্ষা কৰি জীৱন কটোৱা অশ্বত্তাম্ম নামৰ এইগৰাকী ৮০ বছৰীয়া মহিলাই এতিয়া কৰ্ণাটকৰ পোলালী গাঁৱৰ ৰাজা ৰাজেশ্বৰী মন্দিৰলৈ (Polali Raja Rajeshwari Temple ) আগবঢ়াইছে এক লাখ টকাৰ বৰঙণি (Beggar Woman donates one lakh rupees to temple) ৷