নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ : উত্তৰ প্ৰদেশৰ এটা দম্পতীয়ে শ্ৰীৰামক উপহাৰ দিবলৈ ৪০০ কেজি ওজনৰ তলা প্ৰস্তুত কৰি আছিল । তেওঁলোকৰ ইচ্ছা আছিল যে এবাৰ ৰাম মন্দিৰ নিৰ্মাণ হ’লেই এই তলাটো অযোধ্যালৈ লৈ যাব । কিন্তু সত্য প্ৰকাশ শৰ্মাৰ মৃত্যুৰ পাচত তেওঁৰ ইচ্ছা অনুসৰিয়েই পত্নীয়ে সেই তলাটো নিৰঞ্জনী অখাড়েৰ মহামণ্ডলেশ্বৰৰ হাতত তুলি দিয়ে । তলাটোৰ বাকী থকা কাম সম্পূৰ্ণ হ’লেই অযোধ্যালৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ সুৰেন্দ্ৰ নগৰৰ বাসিন্দা সত্য প্ৰকাশ শৰ্মাই সম্পূৰ্ণ নিষ্ঠাৰে ৰামলালাৰ বাবে ৪০০ কেজি ওজনৰ বিশাল তলা প্ৰস্তুত কৰিছিল । এইক্ষেত্ৰত তেওঁৰ পত্নী ৰুক্মিণী দেৱীয়েও সহযোগিতা আগবঢ়াইছিল । সত্য প্ৰকাশ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰিছিল ।
তেওঁৰ বিশেষ দক্ষতাক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়েও । ২২ জানুৱাৰীৰ পূৰ্বে এই বিশাল তলাটো অযোধ্যা ৰাম মন্দিৰক গতাই দিব বিচাৰিছিল । প্ৰায় দুই লাখ টকা খৰচ হৈছিল তলা নিৰ্মাণৰ কামত । তলাটোত ভগৱান ৰামৰ ছবিও খোদিত কৰা হৈছিল । এই বিশেষ তলাটোক লৈও ৰামভক্তসকল অতিশয় উৎসাহিত হৈ পৰিছিল ।