নেশ্যনেল ডেস্ক,২৭ নৱেম্বৰ :লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে বিশেষ ৰণনীতি প্ৰস্তুত কৰি ৰাজ্যসমূহত প্ৰচাৰ আৰম্ভ কৰিছে । ভোটাৰক আকৰ্ষণৰ বাবে বিভিন্ন প্ৰতিশ্ৰুতি দিছে । এইবাৰ পশ্চিমবংগত গৃহ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনিৰ গুৰুত্বপূৰ্ণ মন্তব্য । পশ্চিমবংগৰ মতুৱা সম্প্ৰদায়ক যিকোনো প্ৰকাৰে নাগৰিকত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰীগৰাকীয়ে । শান্তনু ঠাকুৰে প্ৰদান কৰা সৰ্বভাৰতীয় মাতুৱা মহাসংঘৰ পৰিচয় পত্ৰক বিশেষ গুৰুত্ব প্ৰদানৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শাসকীয় তৃণমূল কংগ্ৰেছে তেওঁৰ এই মন্তব্যক ভোটৰ ৰাজনীতি বুলি অভিহিত কৰিছে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাস উৎসৱ উপলক্ষে দেওবাৰে উত্তৰ ২৪ পৰগণা জিলাৰ ঠাকুৰনগৰৰ মাতুৱা ঠাকুৰবাৰীত উপস্থিত হয় । আবেলি হৰিচান্দ মন্দিৰ দৰ্শন কৰাৰ পাছত তেওঁ মাতুৱাসকলক সম্বোধন কৰি মাতুৱাৰ আৰাধ্যা হৰিচান্দ গুৰুচান্দ ঠাকুৰৰ জীৱনৰ ওপৰত আলোকপাত কৰে । সম্প্ৰদায়টোক চৰকাৰে উপেক্ষা কৰাৰ অভিযোগ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়ালৈকে মাতুৱাসকলক নাগৰিকত্ব প্ৰদান কৰা হোৱা নাই ।
আনহাতে তেওঁ দাবী কৰা মতে বিজেপিয়ে মতুৱাসকলক নাগৰিকত্ব প্ৰদানৰ বাবে সাজু । কিন্তু নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পাছত বিৰোধী টিএমচিয়ে অস্থিৰতা সৃষ্টি কৰি আহিছে আৰু উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰিছে বুলি উদ্বেগ প্ৰকাশ কৰে । কিন্তু মতুৱাসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি তেওঁ দাবী কৰে । মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দি কয় যে সকলো মতুৱালোকে নাগৰিকত্ব লাভ কৰিব । তাৰ বাবে কোনো নথিপত্ৰৰো প্ৰয়োজন নাই । যিসকলৰ হাতত ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহাৰ নথি পত্ৰ আছে তেওঁলোকে নাগৰিকত্ব লাভ কৰিব । যিসকলৰ ওচৰত কোনো নথি পত্ৰ নাই তেওঁলোকেও নাগৰিকত্ব লাভ কৰিব বুলিও তেওঁ কয় ।