গ্ৰীষ্মকালত শাৰীৰিক স্বাস্থ্যৰ যিমান যত্ন লোৱা হয়, ছালৰ যত্ন লোৱাটোও সমানেই গুৰুত্বপূৰ্ণ । এই বতৰত ছাল শুকান আৰু নিস্তেজ হৈ পৰে । ইয়াৰ লগতে ব্ৰেকআউটৰ কাৰণো ব্ৰণ আৰু পিম্পলছৰ সমস্যা । কিন্তু এই বতৰত আপুনি বিউটি পাৰ্লাৰলৈ নোযোৱাকৈ ঘৰতে ছালৰ যত্ন কৰিব পাৰিব । ইয়াৰ বাবে আপোনাৰ পকেটত বিশেষ প্ৰভাৱ নপৰে । এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকৰ বাবে লৈ আহিছো কিছুমান আয়ুৰ্বেদ সৌন্দৰ্যৰ সহায়ত আপুনি সহজেই ছালৰ যত্ন ল’ব পাৰে ।
আয়ুৰ্বেদৰ বেছিভাগ বস্তু আমাৰ ঘৰতে উপলব্ধ থাকে (How can I look beautiful in summer)। জানো আহক গ্ৰীষ্মকালত আমাৰ ছালখন উজ্বল কৰি ৰখাৰ লগতে পিম্পলছৰ পৰাও হাত সাৰি থাকিবলৈ কেইটিমান আয়ুৰ্বেদ টিপছ-
শীতল এলোভেৰা ফেচ মাস্ক
গৰমৰ দিনত এলোভেৰা ছালৰ বাবে অতি উপকাৰী । এলোভেৰা শীতল কৰা গুণৰ বাবে জনাজাত । গ্ৰীষ্মকালত ইয়াৰ ফেচ মাস্ক লগালে ছালত পিম্পল আৰু ব্ৰণ ব্ৰেকআউটৰ পৰা ৰক্ষা পৰে । এই মাস্কটো তৈয়াৰ কৰিবলৈ এচামুচ এলোভেৰা জেল,এচামুচ মৌ আৰু কেইটোপালমান গোলাপ পানী মিহলাই লওক । এই ফেচ মাস্কটো ১৫ মিনিট মুখত ৰাখিব (What is best to apply on face during summer)।
হালধি আৰু চন্দন