অসম

assam

ETV Bharat / bharat

Chetan Sharma Resign: BCCI ৰ মুখ্য নিৰ্বাচক চেতন শৰ্মাৰ পদত্যাগ - মুখ্য নিৰ্বাচক চেতন শৰ্মাৰ পদত্যাগ

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক চেতন শৰ্মাৰ পদত্যাগ (Chetan Sharma Resign) ৷ ষ্টিং অপাৰেচনৰ বিষয়টোৱে চৰ্চা লাভ কৰাৰ পিছতে পদৰ পৰা পদত্যাগ কৰিছে চেতন শৰ্মাই ।

Chetan Sharma resign from BCCI
চেতন শৰ্মাৰ পদত্যাগ কৰিলে BCCI ৰ পৰা

By

Published : Feb 17, 2023, 12:02 PM IST

Updated : Feb 17, 2023, 2:28 PM IST

নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰী : ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচক চেতন শৰ্মাই পদত্যাগ কৰিছে (Chetan Sharma Resign) । জি টিভিয়ে কৰা ষ্টিং অপাৰেচনৰ পিছতে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচকগৰাকীয়ে হয়তো নিজে পদত্যাগ কৰিব নহয় বিচিচিআইয়ে তেওঁৰ বিৰুদ্ধে কিছু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছিল । এনে এক সময়তে শুকুৰবাৰে অৰ্থাৎ 16 ফেব্ৰুৱাৰীৰ পুৱা পদত্যাগ পত্ৰ দাখিল কৰে চেতন শৰ্মাই (Board of Control for Cricket in India) ।

উল্লেখ্য যে, এটা ষ্টিং অপাৰেচনত ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য নিৰ্বাচক চেতন শৰ্মাই ভাৰতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে বহুকেইটা অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁ বিৰাট কোহলী, ৰোহিত শৰ্মা, সৌৰভ গাংগুলীৰ লগতে ভাৰতীয় খেলুৱৈক লৈ উত্থাপন কৰিছিল বিতৰ্কিত প্ৰশ্নৰ । ষ্টিং অপাৰেচনৰ সময়ছোৱাত বহু ভাৰতীয় খেলুৱৈয়ে নিজকে সুস্বাস্থ্যবান দেখুৱাবলৈ বেজী লয়, যাতে তেওঁলোকে ক্ৰিকেট মেচবোৰত অংশগ্ৰহণ কৰিব পাৰে বুলি উল্লেখ কৰিছিল ।

যোৱা বছৰ টি-২০ বিশ্বকাপত ভাৰতে ছেমি ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পাছত বিচিচিআইয়ে সমগ্ৰ বাছনি সমিতিখন ভংগ কৰে । ইয়াৰ পিছত পুনৰ নতুন বাছনি সমিতিৰ মুখ্য নিৰ্বাচক হিচাপে চেতন শৰ্মাক দ্বিতীয়বাৰৰ বাবে নিযুক্তি দিয়া হয় । কিন্তু ষ্টিং অপাৰেচনৰ পিছত তেওঁ তদন্তৰ আওতালৈ অহাটো নিশ্চিত আছিল ।

উল্লেখ্য যে. চলিত মাহৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা সংবাদ মাধ্যমৰ জৰিয়তে পোহৰলৈ আহিছিল চেতন শৰ্মাৰ ষ্টিং অপাৰেচন । এই ষ্টিং অপাৰেচনে ভাৰতীয় ক্ৰিকেটত বিশেষ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল । এই ষ্টিং অপাৰেচনত ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য নিৰ্বাচক চেতন শৰ্মাই এনে বহু কথা প্ৰকাশ কৰিছিল, যাৰ বাবে ভাৰতীয় ক্ৰিকেট দলটো সকলোৰে আগত হাঁহিয়াতৰ পাত্ৰ হোৱাটো স্বাভাৱিক আছিল । কাৰণ ষ্টিং অপাৰেচনটোৰ যোগেদি খেলুৱৈসকলৰ পাৰস্পৰিক সম্পৰ্কৰ লগতে খেলুৱৈসকলে নিজকে ফিট কৰিবলৈ লোৱা পদক্ষেপকো চৰ্চালৈ অনা হৈছিল । কেৱল এয়াই নহয়, সৌৰভ গাংগুলী আৰু বিৰাট কোহলীৰ সম্পৰ্কৰ বিষয়েও চেতন শৰ্মাই আগবঢ়াইছিল চাঞ্চল্যকৰ মন্তব্য ৷ বিৰাট কোহলীয়ে অধিনায়কত্ব হেৰুৱাব লগীয়া হোৱা আৰু ৰোহিত শৰ্মাক ভাৰতীয় ক্ৰিকেট দলৰ সকলো ফৰ্মেটৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ কাৰণ উল্লেখ কৰিছিল চেতন শৰ্মাই ।

চেতন শৰ্মাই এই কথা প্ৰকাশ কৰাৰ পিছতে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে নিশ্চিতভাৱে তেওঁৰ বিৰুদ্ধে কিছু কঠোৰ ব্যৱস্থা ল’ব বুলি আশা কৰা হৈছিল, কাৰণ তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল আৰু তাৰ বাবেই তেওঁৰ ষ্টিং অপাৰেচন কৰা হৈছিল । ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য নিৰ্বাচক হিচাপে কৰা চুক্তিত মুখ্য নিৰ্বাচকগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে কথা পতাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । এনে পৰিস্থিতিত তেওঁৰ বিৰুদ্ধে চুক্তি ভংগ কৰাৰ অভিযোগ উঠিছিল ৷ অৱশেষত চেতন শৰ্মাই নিজেই BCCI ৰপৰা পদত্যাগ কৰে ।

জি টিভিয়ে চলোৱা এই ষ্টিং অপাৰেচন পোহৰলৈ অহাৰ পিছতে জয় শ্বাহলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য নিৰ্বাচকগৰাকীয়ে ৷

লগতে পঢ়ক :Fire in Jorhat Town: যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰত ভয়াৱহ অগ্নিকাণ্ড

Last Updated : Feb 17, 2023, 2:28 PM IST

ABOUT THE AUTHOR

...view details