নেশ্যনেল ডেস্ক,১৪ মে' : কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১৩৫ খন আসন লাভ কৰিছে আৰু চৰকাৰ গঠনৰ বাবে ইতিমধ্যে আগবাঢ়িছে দলটো (Congress won Karnataka election)। দেওবাৰে কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকো অনুষ্ঠিত হ'ব আৰু ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি চূড়ান্ত কৰা হ'ব । কিন্তু তাৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীক লৈ বিভিন্ন মহলত চৰ্চা চলিছে ।
কোনোৱে যদি কৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া মুখ্যমন্ত্ৰীৰ বাবে যোগ্য প্ৰাৰ্থী আনফালে আকৌ একাংশৰ মতে বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰ হ'ব লাগে পৰৱৰ্তী মুখ্যমন্ত্ৰী । কংগ্ৰেছৰ কৰ্মী আৰু দুয়োগৰাকী নেতাৰ সমৰ্থকৰ মাজতো ইয়াক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে (Karnataka next CM)।
অৱশ্যে ইয়াৰ মাজতে দুয়োগৰাকী নেতাৰ সমৰ্থকৰ মাজত পোষ্টাৰ যুদ্ধও আৰম্ভ হৈছে (Karnataka next CM poster)। কিয়নো একাংশ সমৰ্থকে প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে পোষ্টাৰ লগাইছে । আনফালে কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰৰ বাসগৃহৰ সন্মুখত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ পোষ্টাৰ লগাইছে । দুয়োগৰাকী নেতাকে বেংগালুৰুত পোষ্টাৰৰ জৰিয়তে কংগ্ৰেছৰ জয়ৰ বাবে অভিনন্দন জনোৱা হৈছে ।