আগৰতলা, ২৬ জুলাই:ত্ৰিপুৰাত নিষিদ্ধ ঘোষিত সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাই(NLFT)পুনৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰা আশংকা কৰা হৈছে । সেইবাবে ত্ৰিপুৰা আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰিছে । ইতিমধ্য়ে আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে ইয়াৰ সকলো ভগ্নী সুৰক্ষা সংস্থাক সতৰ্ক কৰি দিছে । বিশেষকৈ ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলসমূহত নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাই কাৰ্যকলাপ বৃদ্ধি কৰাৰ তথ্য় লাভ কৰিছে ৰাজ্য়খনৰ আৰক্ষী বিভাগে ।
আৰক্ষী সূত্ৰ অনুসৰি নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্য়ই শেহতীয়াকৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছে(National Liberation Front of Tripura crossed Indian territory)। সংগঠনটোৰ কেইজনমান সদস্য়ই কেইদিনমান পূৰ্বে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাৰ তথ্য় লাভ কৰিছে আৰক্ষীৰ চোৰাংচোৱা বিভাগে ।এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয় যে শেহতীয়াকৈ তেওঁলোকে ত্ৰিপুৰাৰ ভিতৰৰ কিছুমান সীমান্তৱৰ্তী অঞ্চলত নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাৰ বিশ্ব মোহন গোটৰ গতিবিধিৰ বিষয়ে তথ্য লাভ কৰিছে(NLFT Biswa Mohan faction)।
তেওঁ কয়,‘‘তিৰতি কুমাৰ মোলচোম ওৰফে থানছাৰ নেতৃত্বত চাৰিৰ পৰা পাঁচজনীয়া এনএলএফটি প্ৰশিক্ষিত কেডাৰৰ এটা দলে যোৱা ২১ জুলাইত ত্ৰিপুৰাৰ ধলাই জিলাৰ গংগানগৰৰ মাজেৰে বাংলাদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰিছে।’’ সূত্ৰ অনুসৰি এই গোটটোৱে গোমতী জিলাৰ অধীনত আমপিৰ ফালে আগবাঢ়িছে ।