অসম

assam

ETV Bharat / bharat

লেনদেনত পলম নকৰিব, 28-31 আগষ্টলৈ বন্ধ থাকিব বেংক

আপোনাৰ যদি বেংক সম্পৰ্কীয় কোনো কাম আছে নাইবা কোনো লেনদেন আছে, তেন্তে পলম নকৰিব ৷ আপোনাৰ হাতত মজুত আছে মাথো দুটা দিন ৷ এই দুটা দিনতে প্ৰয়োজনীয় কামসমূহ কৰি লওক ৷ কিয়নো মাহটোৰ শেষৰ চাৰিটা দিন বন্ধ থাকিব সকলো বেংক ৷ এই কথা সদৰী কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ৷

Banks to Stay Shut for 4 Days in Remaining Month
28ৰ পৰা 31 আগষ্টলৈ বন্ধ থাকিব বেংক

By

Published : Aug 25, 2021, 11:07 AM IST

নিউজ ডেস্ক, 28 আগষ্ট : আপোনাৰ বাৰু আহিবলগীয়া দিন কেইটাত বেংকৰ কোনো জৰুৰী কাম সম্পন্ন কৰিবলগীয়া আছে নেকি ? যদি আছে তেন্তে কামসমূহ পিছলৈ পেলাই নথৈ শীঘ্ৰে সম্পন্ন কৰক ৷ কাৰণ 28 ৰ পৰা 31 আগষ্টলৈ বন্ধ থাকিব দেশৰ চৰকাৰী তথা বেচৰকাৰী বেংকসমূহ ৷

28 আগষ্টত fourth saturday ৰ বাবে বন্ধ থাকিব বেংক ৷ আনহাতে ইয়াৰ পৰৱৰ্তী দিনটো অৰ্থাৎ 29 আগষ্ট হ’ল দেওবাৰ ৷ 30 আগষ্ট সোমবাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী/কৃষ্ণ জয়ন্তী ৷ 31 আগষ্ট শ্ৰীকৃষ্ণ অষ্টমী ৷

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি মুকলি কৰা holiday calendar ত আগষ্ট মাহত মুঠ 15 দিনৰ বাবে দেশৰ চৰকাৰী আৰু বেচৰকাৰী বেংকসমূহ বন্ধ ঘোষণা কৰা হৈছিল ৷ ৰিজাৰ্ভ বেংকৰ holiday calendar ত চলিত মাহটোত বেংকসমূহৰ 8 দিন holiday আৰু বাকী কেইদিন সাপ্তাহিক বন্ধ হিচাপে ভগাই দিয়া হৈছিল ৷

উল্লেখ্য যে, প্ৰতিখন ৰাজ্যতে উৎসৱ-পাৰ্বণ অনুসৰি বেংকৰ নিজা নিজা বন্ধ তালিকা থাকে ৷ কিন্তু অধিক সংখ্যক ৰাজ্যতে 19 আগষ্ট অৰ্থাৎ ‘মহৰম’ উপলক্ষে বন্ধ ৰখা হয় বেংকসমূহ ৷ ওপৰত উল্লেখিত অনুসৰি আহমেদাবাদ, চণ্ডীগড়, চেন্নাই, ডেৰাডুন, জয়পুৰ, জম্মু, কানপুৰ, লক্ষ্ণৌ, পাটনা, ৰায়পুৰ, ৰাঁচী, শ্বিলং, চিমলা, শ্ৰীনগৰ, গেংটক আৰু হায়দৰাবাদতহে মাহৰ শেষৰ দিনকেইটাত বন্ধ প্ৰযোজ্য হ’ব ৷

লগতে পঢ়ক :Bank holidays 2021: আগষ্ট মাহত 15 দিনৰ বাবে বন্ধ থাকিব বেংক

ABOUT THE AUTHOR

...view details