অসম

assam

ETV Bharat / bharat

Bank loan fraud : বেংগালুৰুৰ এটা কোম্পানীৰ ৪০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত - Bank loan fraud case in Bengaluru

বেংকক প্ৰতাৰণা কৰি বিপদত বেংগালুৰুৰ এটা কোম্পানী । কাবেৰী টেলিকম ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডৰ প্ৰায় ৪০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্তা কৰিলে EDয়ে (ED attaches Rs 40 cr assets of Bengaluru company)। ২০১৫ চনত ডিজিএম, দেনা বেংকক ভুৱা নথিৰে প্ৰৱঞ্চনা কৰাৰ অভিযোগ কোম্পানীটোৰ বিৰুদ্ধে ।

Bank loan fraud
বেংগালুৰুৰ এটা কোম্পানীৰ ৪০ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

By

Published : Aug 4, 2022, 2:02 PM IST

নেশ্যনেল ডেস্ক,৪ আগষ্ট :দেশত শেহতীয়াকৈ যথেষ্ট সক্ৰিয় হৈছে এনফৰ্চমেণ্ট ডিৰেক্টৰেট । এইবাৰ বেংগালুৰুৰ এটা কোম্পানীৰ বিৰুদ্ধে কঠোৰ তদন্তকাৰী সংস্থাটো । বেংকৰ ঋণ জালিয়াতিৰ সৈতে সম্পৰ্কিত ধন ৰপ্তানিৰ গোচৰত কোম্পানীটোৰ ৪০ কোটি টকাত কৈও অধিক সম্পত্তি বাজেয়াপ্ত কৰিছে সংস্থাটোৱে (ED attaches Rs 40 cr assets on money laundering case)। এক বিবৃতিযোগে সংস্থাটোৱে প্ৰকাশ কৰা মতে বেংগালুৰুৰ কাবেৰী টেলিকম ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডৰ বিৰুদ্ধে লোৱা হৈছে এই পদক্ষেপ ।

মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (PMLA) অধীনত এক অস্থায়ী নিৰ্দেশ জাৰি কৰি কোম্পানীটোৰ আৱাসিক এপাৰ্টমেণ্ট, ভূমি, কৃষিভূমি আৰু বেংক একাউণ্টৰ জমা বাজেয়াপ্ত কৰা হৈছে । বাজেয়াপ্ত সম্পত্তিবোৰৰ মুঠ মূল্য হৈছে ৪০.১৪ কোটি টকা । কোম্পানীটো আৰু প্ৰমোটাৰ্চসকলৰ বিৰুদ্ধে ২০১৫ চনত চিবিআইৰ দুৰ্নীতি বিৰোধী শাখাত মানি লণ্ডাৰিং গোচৰ ৰুজু কৰা হৈছিল । সেই সময়ত ডিজিএম, দেনা বেংকে দাখিল কৰা অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল কৰা হৈছিল ।

ইডিয়ে প্ৰকাশ কৰা মতে বেংকে দিয়া ঋণ পৰিশোধৰ নামত কোম্পানীৰ সঞ্চালকসকলে প্ৰৱঞ্চনা কৰি আহিছিল (Kavveri Telecom Infrastructure Limited cheated bank)। সংস্থাটোৱে বিবৃতিত উল্লেখ কৰা মতে কোম্পানী আৰু বিষয়াসকলে সঁজুলি ক্ৰয়ৰ নামত পূৰ্বৰ দেনা বেংকৰ পৰা ৪৫ কোটি টকাৰ ঋণ লৈছিল । কিন্তু ঋণ লোৱাৰ সময়ত কোম্পানীৰ সঞ্চালকসকলে বেংকৰ ভুৱা নথি আৰু ভুৱা কৰ চালান আৰু লৰী ৰচিদ আদি দাখিল কৰিছিল বুলি সংস্থাটোৱে অভিযোগ কৰে ।

আনহাতে প্ৰতিষ্ঠানটোৱে বিভিন্ন একাউণ্ট ব্যৱহাৰ কৰি ঋণৰ পৰিমাণ "ডাইভাৰ্ট" কৰিছিল য'ত অন্তৰ্ভুক্ত আছে কণ্ডুইট প্ৰতিষ্ঠান আৰু প্ৰচাৰক/সঞ্চালকৰ ব্যক্তিগত সঞ্চয় একাউণ্ট । পৰিৱৰ্তি সময়ত ঋণৰ পৰিমাণ প্ৰতিষ্ঠান আৰু সঞ্চালকসকলৰ বেংক একাউণ্টলৈ পঠিওৱা হৈছিল ।

আনহাতে সংস্থাটোৱে অভিযোগ কৰা মতে ঋণৰ ২৭.১৪ কোটি টকা বিদেশত বিনিয়োগ কৰা হৈছিল । সেই ধনৰ উপাৰ্জন কোম্পানীটোৰ পৰিচালক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ নামত স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি হিচাপে গঢ়ি তোলা হৈছিল । কোম্পানীটোৱে বেংকক প্ৰতাৰণা কৰিছিল যাৰ ফলত বেংকৰ লোকচান হৈছিল ।

লগতে পঢ়ক :EPFO Pension Data exposed : ইপিএফঅ' পেঞ্চন আঁচনিৰ তথ্য অনলাইনত ফাদিল, দাবী সুৰক্ষা গৱেষকৰ

ABOUT THE AUTHOR

...view details