নেশ্যনেল ডেস্ক, ৩০ মাৰ্চ :আজি ৰাম নৱমী (Ramnavami 2023) ৷ সমগ্ৰ ভাৰতবৰ্ষতে অতি আড়ম্বপূৰ্ণভাৱে পালন কৰা হৈছে ৰাম নৱমীৰ উৎসৱ । ৰাম নৱমী উপলক্ষে আজিৰ দেশৰ বহুকেইখন জিলাত বন্ধ আছে কেবাটাও ব্যক্তিগত আৰু চৰকাৰী বেংক (Bank Holiday on Ramnavami )। অৱশ্যে দেশৰ একাংশ জিলাত খোলা আছে ব্যক্তিগত আৰু চৰকাৰী বেংক ৷ ৰাম নৱমীৰ দিনা বেংক বন্ধ হৈ থকা চহৰবোৰৰ তালিকা তলত উল্লেখ কৰা হ’ল (bank holiday on ram navami in some cities of India) -
বেংক বন্ধ থকা চহৰসমূহ হ’ল :
ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা ছুটীৰ তালিকা অনুসৰি, ৰাম নৱমী উৎসৱ উপলক্ষে দেশৰ কেবাখনো চহৰত বন্ধ ৰখা হৈছে বেংক সেৱা (Bank Holiday on Ram Navami on 30th March 2023) ৷ ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত চহৰসমূহ হ’ল - হায়দৰাবাদ, বাংগালুৰু, চেন্নাই, মুম্বাইৰ লগতে দক্ষিণ ভাৰতৰ চহৰসমূহ ৷ ইয়াৰ উপৰিও জয়পুৰ, কানপুৰ, লক্ষ্ণৌ, আহমেদাবাদ, বেলাপুৰ, ভোপাল, নাগপুৰ, পাটনা, গুৱাহাটী, ইম্ফল, শিমলা আদি চহৰতো ৰাম নৱমী উপলক্ষে বন্ধ কৰি ৰখা হৈছে বেংকৰ কামকাজ ৷
লগতে দেশৰ ৰাজধানী নতুন দিল্লীতো বন্ধ আছে বেংক (Bank Holiday on Ramnavami 2023)। ইয়াৰ উপৰিও জম্মু, কোচি, ৰাঁচী, আগৰতলা, আইজল আৰু কলকাতাতো বন্ধ হৈ আছে বেংকসেৱা । অৱশ্যে একে সময়তে আজি তিৰুৱনন্তপুৰম, শ্ৰীনগৰ, পানাজী, ৰায়পুৰ, শিলচৰ আদি চহৰত বেংক খোলা আছে ।