অসম

assam

ETV Bharat / bharat

বাংলাদেশৰ যুৱতী নিৰ্যাতন : আৰক্ষীৰ জালত ৪ অভিযুক্ত - যৌন নিৰ্যাতন

যুৱতীক যৌন নিৰ্যাতন চলাই অৱশেষত গ্ৰেপ্তাৰ হ'ল বাংলাদেশৰ ৪ জনকৈ অভিযুক্ত । বেংগালুৰুৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইজনকে । শেহতীয়াকৈ বুকু কঁপি যোৱা এক শিহৰণকাৰী ভিডিঅ' ভাইৰেল হৈ পৰিছিল চ’ছিয়েল মিডিয়াত । পিছত বাংলাদেশৰ আৰক্ষীয়ে ভিডিঅ'টোত থকা অভিযুক্ত আৰু নিৰ্যাতিতা বাংলাদেশৰ বুলি চিনাক্ত কৰিছিল ।

Bangladeshi woman harassment case
বাংলাদেশৰ যুৱতী নিৰ্যাতনৰ ঘটনাৰে জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ

By

Published : May 28, 2021, 10:38 AM IST

নেশ্যনেল ডেস্ক, ২৮ মে': বেংগালুৰুত বাংলাদেশৰ এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৪ জন অভিযুক্তক । শেহতীয়াকৈ এক জঘন্য ঘটনাৰ ভিডিঅ'ই তোলাপাৰ লগাইছিল ছ'চিয়েল মিডিয়াত । ইয়াৰ পিছতে ৰামমূৰ্তি নগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে । ধৃত যুৱককেইজন হৈছে সাগৰ, মহম্মদ বাবা, শ্বেইখ আৰু ৰিদাই বাবু ।

এতিয়াও আন দুজন অভিযুক্ত পলাতক হৈ আছে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আটাইকেইজনেই অবৈধভাৱে ভাৰতলৈ আহিছিল । নিৰ্যাতিতাগৰাকীও অবৈধভাৱে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল । বেংগালুৰুৰ ৰামমূৰ্তি নগৰৰ এন আৰ আই কলনীত বাস কৰা এই আটাইকেইজন অভিযুক্ত নাৰী দেহ ব্যৱসায়ৰে জড়িত হৈ আছিল ।

বাংলাদেশৰ যুৱতী নিৰ্যাতনৰ ঘটনাৰে জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ

ধৃত যুৱককেইজনে যৌন নিৰ্যাতনৰ এটা ভিডিঅ' ৰেকৰ্ড কৰি ভাইৰেল কৰিছিল ছ'চিয়েল মিডিয়াত । উত্তৰ-পূৱৰ ৰাজ্যসমূহত আৰু বাংলাদেশত এই জঘন্য ঘটনাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল । অসম আৰক্ষীয়ে ভিডিঅ'টো সন্দৰ্ভত তদন্ত কৰাৰ সময়তে এই ঘটনাৰে বাংলাদেশী নাগৰিক জড়িত থকাৰ কথা পোহৰলৈ আহে ।

ইয়াৰ পিছতে অসম আৰক্ষীয়ে বাংলাদেশ আৰক্ষীক এই বিষয়ে অৱগত কৰে । বাংলাদেশী আৰক্ষীয়ে পিছত নিৰ্যাতিতাৰ পৰিয়ালক বিচাৰি উলিয়াই এই ঘটনাৰ বিষয়ে জনায় । বাংলাদেশ আৰক্ষীয়ে বেংগালুৰু আৰক্ষীকো এই বিষয়ে অৱগত কৰে । মহানগৰ আৰক্ষী আয়ুক্ত কমল পন্টৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বেংগালুৰুৰ আভালাহাল্লিৰ পৰা পলাতক হৈ থকা অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰে । এতিয়াাও আন দুজন অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:হোৱাইট ফাংগাছৰ বিৰল ঘটনা: ক্ষুদ্ৰান্ত্ৰ, বৃহদান্ত্ৰ আৰু খাদ্যনলীত সংক্ৰমণ

ABOUT THE AUTHOR

...view details