আগৰতলা, ৭ নৱেম্বৰ :ত্ৰিপুৰা-বাংলাদেশ সীমান্তত সক্ৰিয় হৈ আছে গৰু চুৰি চক্ৰ (Cattle lifter) । সীমান্তৰে প্ৰায়ে গৰু ছিণ্ডিকেটৰ সৈতে জড়িত একাংশ লোকে বাংলাদেশলৈ গৰু সৰবৰাহ কৰি আহিছে । ইয়াৰ মাজতে ত্ৰিপুৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । ৰাইজৰ প্ৰহাৰত প্ৰাণ গ'ল গৰু চুৰি চক্ৰৰ সৈতে জড়িত এজন যুৱকৰ ।
জানিব পৰা মতে, ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ বক্সানগৰৰ কমলনগৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা । নিহত যুৱকজন বাংলাদেশৰ বাসিন্দা আৰু গৰু চুৰি কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সীমান্ত (International border) অতিক্ৰম কৰি আহিছিল । নিশা মুঠ তিনিজন ব্যক্তিয়ে গাঁৱখনত গৰু চুৰি কৰিবলৈ প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে । ইতিমধ্যে মৃত যুৱকজনৰ পৰা আৰক্ষীয়ে বাংলাদেশী মুদ্ৰা আৰু ম'বাইল ফোন উদ্ধাৰ কৰিছে ।
আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান চলাই জানিব পাৰিছে যে যেতিয়া তিনিওজনে গৰু চুৰি কৰিবলৈ গাঁৱত প্ৰৱেশ কৰিছিল, গাঁৱবাসীয়ে তেওঁলোকক কৰায়ত্ত কৰিছিল ৷ কিন্তু তেওঁলোকৰ দুজন পলাই যাবলৈ সক্ষম হয় । এজনক ৰাইজে ধৰি প্ৰহাৰ কৰে । অৱশ্যে, মৃত যুৱকজনৰ নাম এতিয়াও পোহৰলৈ অহা নাই ।
গাঁৱবাসীয়ে কোৱা মতে তেওঁলোকে লিটান পলৰ ঘৰৰ পৰা গৰু চুৰি কৰিবলৈ আহিছিল আৰু গৰু উঠোৱাৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল যুৱকজন । যুৱকজনক আগৰতলাৰ জিবি পন্ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল । গাঁৱবাসীয়ে জনোৱা মতে ঘটনাটো প্ৰায় ২ বজাত সংঘটিত হৈছিল । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি এটা গোচৰ ৰুজু কৰে ।