অসম

assam

উত্তৰ-পূৱক চট্টগ্ৰাম আৰু চিলেট বিমানবন্দৰ ব্যৱহাৰৰ প্ৰস্তাৱ বাংলাদেশৰ

By

Published : Mar 28, 2021, 12:03 PM IST

ত্ৰিপুৰাৰ লগতে উত্তৰ-পূৱক চট্টগ্ৰাম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যৱহাৰৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে বাংলাদেশে ৷ প্ৰেছ ইনফৰমেশ্যন ব্যুৰ'ৰ এক যুটীয়া বিবৃতিত সদৰী কৰা হৈছে এই কথা ৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৱ ভাৰতৰ লোকসকল বিশেষকৈ ত্ৰিপুৰাৰ লোকসকলক চট্টগ্ৰাম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যৱহাৰৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে ৷

bangladesh offers chattagram shylet airports for ne
উত্তৰ-পূবক চট্টগ্ৰাম আৰু চিলেট বিমানবন্দৰ ব্যৱহাৰৰ প্ৰস্তাৱ বাংলাদেশৰ

আগৰতলা,28 মাৰ্চ:চট্টগ্ৰাম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰৱেশৰ অধিকাৰ প্ৰদানৰ জৰিয়তে বাংলাদেশ চৰকাৰে ত্ৰিপুৰাৰ লগতে সমগ্ৰ উত্তৰ-পূৱ অঞ্চললৈ বন্ধুত্বৰ হাত আগবঢ়াই দিছে ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই একেলগে বহুকেইটা বিষয়ত একেলগে সন্মত হৈ দেশ দুখনৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়াস কৰিছে আৰু এই ক্ষেত্ৰত উত্তৰ-পূৱে বিশেষ প্ৰাধান্য লাভ কৰা পৰিলক্ষিত হৈছে ৷

এই সন্দৰ্ভত প্ৰেছ ইনফৰমেশ্যন ব্যুৰ'ৰ এক যুটীয়া বিবৃতিত এইবুলি উল্লেখ কৰা হৈছে, "বাংলাদেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে উত্তৰ-পূৱ ভাৰতৰ লোকসকল বিশেষকৈ ত্ৰিপুৰাৰ লোকসকলক চট্টগ্ৰাম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যৱহাৰৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে ৷ বাংলাদেশে এই কথাও জানিবলৈ দিছে যে, এই অঞ্চলৰ লোকসকলে ব্যৱহাৰ কৰিব পৰাকৈ চাইদপুৰ বিমানবন্দৰক আঞ্চলিক বিমানবন্দৰ হিচাপে গঢ়ি তোলা হৈছে" ৷

যুটীয়া বিবৃতিটোত এইবুলিও কোৱা হৈছে যোগাযোগৰ লাভালাভ আৰু কলকাতাৰ পৰা চট্টগ্ৰাম হৈ আগৰতলালৈ ভাৰতীয় সামগ্ৰীৰ চালানৰ পৰীক্ষণৰ কথা তুলি ধৰি ভাৰতীয় পক্ষই এই চুক্তি যিমান পাৰি সোনকালে কাৰ্যকৰী কৰাৰ আহ্বান জনাইছে ৷

আশুগঞ্জ কণ্টেইনাৰ টাৰ্মিনেল বিকাশৰ বাবে দ্বিপাক্ষিক প্ৰকল্প সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ভাৰতীয় পক্ষই আভ্যন্তৰীণ জল পৰিবহণৰ প্ৰটক’ল অনুসৰি মুন্সীগঞ্জ আৰু পানগাঁৱত ট্ৰান্সচিপমেণ্টৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক:নিৰ্বাচনী সভাত কিয় খং উঠিল বদৰুদ্দিন আজমলৰ ?

ABOUT THE AUTHOR

...view details