অসম

assam

ETV Bharat / bharat

Bangladesh Film Festival: ত্ৰিপুৰাত আৰম্ভ বাংলাদেশ চলচিত্ৰ মহোৎসৱ - bangladesh film festival begins in tripura

দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বাংলাদেশ চলচ্চিত্ৰ মহোৎসৱ (Bangladesh Film Festival begins) । ক’ভিড পৰিস্থিতিৰ বাবে বাতিল হোৱা বাংলাদেশ চলচিত্ৰ মহোৎসৱ দুবছৰৰ পাছত এইবাৰ পুনৰ অনুষ্ঠিত হৈছে । ত্ৰিপুৰাৰ আগৰতলাত বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী মুহাম্মাদ হাছান মাহমুদে উদ্বোধন কৰিলে দুদিনীয়া মহোৎসৱখনি । অনুষ্ঠানটোত অংশগ্ৰহ কৰি শ্বেখ হাছিনা আৰু নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হ’ল বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকী ৷

Bangladesh Film Festival begins in Tripura
ত্ৰিপুৰাত আৰম্ভ বাংলাদেশ চলচিত্ৰ মহোৎসৱ

By

Published : Feb 23, 2022, 9:27 PM IST

আগৰতলা, ২৩ ফেব্ৰুৱাৰীঃ ক’ভিড পৰিস্থিতিৰ বাবে দুবছৰৰ অন্তত ত্ৰিপুৰা চৰকাৰে আগৰতলাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ সহযোগত বুধবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰিছে 'দ্বিতীয় বাংলাদেশ চলচিত্ৰ মহোৎসৱ' । ইয়াৰ পূৰ্বে প্ৰথম চলচ্চিত্ৰ মহোৎসৱটি ২০১৯ চনত আগৰতলাৰ 'ৰবীন্দ্ৰ শতাবাৰ্ষিকী ভৱন'ত অনুষ্ঠিত হৈছিল ।

দ্বিতীয় বাংলাদেশ চলচিত্ৰ মহোৎসৱৰ উদ্বোধন কৰি বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী মুহাম্মাদ হাছান মাহমুদে কয় যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আৰু বাংলাদেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কই(Bilateral relation between India and Bangladesh) এক নতুন উচ্চতাত উপনীত হৈছে ।

তেওঁ কয় যে ১৯৭১ চনত মুক্তি যুদ্ধৰ সময়ত ত্ৰিপুৰাৰ জনসাধাৰণে শৰণাৰ্থীসকলৰ বাবে দুৱাৰ মুকলি কৰাৰ বাবে তেওঁ কৃতজ্ঞ অনুভৱ কৰে । "ত্ৰিপুৰাৰ বহুলোকে মুক্তি যুদ্ধত অংশগ্ৰহণ কৰি আমাৰ দেশৰ বাবে কৰা তেওঁলোকৰ অৱদানক মই সদায় কৃতজ্ঞ অনুভৱ কৰো । আমি যদিও দুখন দেশৰ, কিন্তু যেন তথাপিও আমাৰ মাজত কোনো পাৰ্থক্য নাই । এনে ধৰণৰ সহযোগীতাই দ্বিপাক্ষিক সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব । ইতিমধ্যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক এক নতুন উচ্চতাত উপনীত হৈছে"।

মন্ত্ৰীগৰাকীয়ে লগতে ৰে'লৰ যোগাযোগৰ জৰিয়তে ত্ৰিপুৰাক বাংলাদেশৰ সৈতে সংযোগ কৰাৰ কাম প্ৰায় সমাপ্ত হোৱা বুলি জানিবলৈ দি কয়, ইয়াৰ ফলত কেৱল ত্ৰিপুৰাই নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহো লাভান্বিত হ'ব ।

তেওঁ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ ভূমিকাৰ কথা উল্লেখ কৰি ৰাজ্যখনৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপৰ প্ৰশংসা কৰে । অনুষ্ঠানটোত উপস্থিত থকা ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱেও প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভূমিকাৰ প্ৰশংসা কৰি কয়, "বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশে প্ৰতিটো ক্ষেত্ৰতে এক নতুন দিশ অৰ্জন কৰিছে । তেওঁ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জীয়ৰী বুলি প্ৰতিটো বিষয়তে প্ৰমাণ কৰি দেখুৱাইছে"।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ বাবে উত্তৰ-পূব ভাৰতৰ দুৱাৰ মুকলি হৈছে আৰু যাৰ বাবে ত্ৰিপুৰা উত্তৰ-পূব ভাৰতৰ এক কৰিডৰ হিচাপে পৰিণত হৈছে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ত্ৰিপুৰাৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে কয় যে ত্ৰিপুৰা চৰকাৰে শীঘ্ৰেই সত্যজিৎ ৰায় ফিল্ম আৰু টেলিভিশ্যন ইনষ্টিটিউটৰ সহাযোগত এখন ফিল্ম ইনষ্টিটিউট স্থাপন কৰিব আৰু ইয়াৰ নিৰ্মাণৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে প্ৰায় ৫ কোটি টকা ।

উদ্ধোধনী অনুষ্ঠানটোত বাংলাদেশৰ দুগৰাকী সুপৰিচিত অভিনেতা ফিৰদৌছ আহমেদ, অপু বিশ্বাসৰ লগতে বিখ্যাত গায়িকা মমতাজ বেগমো উপস্থিত থাকে ।

লগতে পঢ়কঃআভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ তত্বাৱধান আৰু বিকাশৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ ত্ৰিপুৰা চৰকাৰৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details