আগৰতলা, ২০ ছেপ্টেম্বৰ: ক'ভিড-১৯ মহামাৰীৰ বাবে বিগত বৰ্ষৰ পৰাই ক্ষুদ্ৰ ব্যৱসায়ী, দৰিদ্ৰ লোক, মধ্যবিত্ত সকলোৱেই আৰ্থিক সংকটত ভূগিছে । মহামাৰীৰ ভয়াৱহতা হ্ৰাস পোৱাৰ পাছত স্বাস্থ্যবিধি মানি চলাৰ নিৰ্দেশ দি দোকান-বজাৰসমূহো খোলাৰ অনুমতি দিয়া হৈছে । কিন্তু ভাৰত-বাংলাদেশ(India-Bangladesh) সীমান্তৰ শ্ৰীনগৰ আৰু কমলাসাগৰত এতিয়াও গ্ৰামাঞ্চলৰ সাপ্তাহিক বজাৰ খোলাৰ অনুমতি দিয়া নাই বাংলাদেশে । এই বিষয়ত আলোচনা কৰাতো কোনো আগ্ৰহ প্ৰকাশ কৰা নাই বাংলাদেশ চৰকাৰে ।
ভাৰতৰ চৰকাৰী পক্ষৰ এক সূত্ৰই জনোৱা মতে, বৃহৎ লোকচানৰ সন্মুখীন হৈছে ভাৰতীয় বিক্ৰেতাসকল । ক'ভিড সংক্ৰমণৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা বন্ধ আছে সীমান্তৰ শ্ৰীনগৰ আৰু কমলাসাগৰৰ সাপ্তাহিক বজাৰ । উল্লেখ্য যে, ২০১৫-১৬ বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ পৰা বজাৰ দুখনত ভাৰতৰ ফালৰ পৰা বিক্ৰী বৃদ্ধি পাইছে । প্ৰথম বিত্তীয় বৰ্ষত ভাৰতৰ ফালৰ পৰা বিক্ৰী প্ৰতিটো বৰ্ষতে ২.৯৬ কোটি টকাকৈ আছিল ।
২০১৯-২০ বিত্তীয় বৰ্ষত বিক্ৰী ৮.৯৩ কোটি টকালৈ বৃদ্ধি পায় । আৰম্ভণিৰ পৰা বজাৰ বন্ধ হোৱাৰ সময়লৈকে বাংলাদেশৰ তৰফৰ পৰা ৪.২৪ কোটি টকাৰ সামগ্ৰী বিক্ৰী হৈছিল আৰু এয়া ভাৰতৰ তুলনাত যথেষ্ট কম ।