নেচনেল ডেস্ক, 4 জানুৱাৰী:পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ 50 তম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত হ'বলগীয়া এই বৰ্ষৰ গণৰাজ্য দিৱসৰ পেৰেডত বাংলাদেশৰ সেনা বাহিনীৰ প্ৰতিনিধি বৰ্গই অংশগ্ৰহণ কৰিব ৷ প্ৰতিৰক্ষা বিষয়াই এই কথা জানিবলৈ দিয়ে ৷
1971 চনৰ যুদ্ধত পৰাজয় বৰণ কৰাৰ পাছত তেতিয়াৰ পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল আমিৰ আব্দুল্লাহ খান নিয়াজিয়ে তেওঁৰ 93,000 সৈন্যৰ সৈতে মিত্ৰ ৰাষ্ট্ৰৰ সেনাৰ কাষত আত্মসমৰ্পন কৰিছিল ৷ য'ত ভাৰতীয় সেনাৰ জোৱানো আছিল ৷