অসম

assam

ETV Bharat / bharat

Balasore train tragedy : কনিষ্ঠ অভিযন্তাৰ ভাড়াঘৰত চিবিআইৰ দল - CPRO denies JE absconding report

চোৰোত থকা কনিষ্ঠ অভিযন্তা আমিৰ খানৰ ভাড়াঘৰত উপস্থিত চিবিআইৰ দল । পূৰ্বে ছীল কৰা ভাড়াঘৰটো খুলি চিবিআইয়ে তদন্ত চলাই । দলটোৰ সৈতে অভিযন্তাজনো উপস্থিত আছিল ।

Balasore train tragedy
কনিষ্ঠ অভিযন্তাৰ ভাড়াঘৰত চিবিআইৰ দল

By

Published : Jun 20, 2023, 5:12 PM IST

নেশ্যনেল ডেস্ক,২০ জুন :ওড়িশাৰ বালাছোৰৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত চিবিআইৰ তদন্ত অব্যাহত আছে । বালাছোৰৰ ৰে'লৱেৰ এগৰাকী কনিষ্ঠ অভিযন্তাৰ ভাড়াঘৰত এইবাৰ চিবিআইয়ে অভিযান চলাইছে । অভিযন্তাজনক লগত লৈ চলিল এই অনুসন্ধান ।

কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' (চিবিআই)য়ে মঙলবাৰে ৰে'লৱেৰ কনিষ্ঠ অভিযন্তা আমিৰ খানক চোৰোত থকা তেওঁৰ ভাড়াঘৰলৈ লৈ যায় আৰু বালাছোৰৰ ৰে'ল দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত চলায় । অভিযন্তাগৰাকীৰ ভাড়াঘৰটো সোমবাৰে চিবিআইয়ে চীল কৰিছিল । পাছত মঙলবাৰে অভিযন্তাজনক তেওঁ ভাড়াঘৰলৈ লৈ যায় আৰু তাৰ জেৰা আৰম্ভ কৰে ।

কনিষ্ঠ অভিযন্তা আমিৰ খানৰ উপস্থিতিত চিবিআইৰ এটা ৬ জনীয়া দলে তেওঁৰ ভাড়াঘৰটো খুলি তদন্ত আৰম্ভ কৰে । ইফালে চিবিআইয়ে ভয়ংকৰ ৰে'ল দুৰ্ঘটনাটোৰ পৰিস্থিতি জানিবলৈ তদন্ত চলাই আছে আৰু তেওঁলোকৰ তদন্তৰ সময়ত এক অজ্ঞাত স্থানতো অভিযন্তাজনক সোধা-পোছা কৰিছিল বুলি জানিব পৰা গৈছে ।

সূত্ৰৰ মতে ২ জুনত সংঘটিত বাহানাগা ৰে'ল দুৰ্ঘটনাৰ পাছৰে পৰা কনিষ্ঠ অভিযন্তা আৰু তেওঁৰ পৰিয়ালৰ লোকসকল ভাড়াঘৰৰ পৰা পলায়ন কৰিছিল আৰু তেওঁলোক সন্ধানহীন হৈ আছিল । অৱশ্যে, দক্ষিণ-পূব ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া আদিত্য কুমাৰ চৌধুৰীয়ে কৰ্মচাৰী সন্ধানহীন হোৱাৰ সংবাদ মাধ্যমৰ বাতৰি অস্বীকাৰ কৰে । তেওঁ স্পষ্ট কৰি দিয়ে যে সকলো কৰ্মচাৰী উপস্থিত আছে আৰু অনুসন্ধানত সহযোগিতা কৰিছে ।

উল্লেখ্য যে চিবিআই দলৰ সদস্যসকল ১৯ জুনত বালাছোৰৰ দুৰ্ঘটনাস্থলীৰ পৰা উভতি গৈছিল । অৱশ্যে, দলৰ একাংশ সদস্য সোমবাৰে কনিষ্ঠ অভিযন্তাৰ ভাড়াঘৰটো বন্ধ কৰিবলৈ সেই স্থানত পুনৰ উপস্থিত হৈছিল । লক্ষণীয়ভাৱে, ২ জুনত দুখন যাত্ৰীবাহী আৰু এখন মালবাহী ৰে'লৰ সৈতে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ২৯২ জন নিহত হয় আৰু ১১০০ ৰো অধিক লোক আহত হয় । দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই দুৰ্ঘটনাৰ গোচৰটো সম্প্ৰতি চিবিআইয়ে তদন্ত কৰি আছে ।

লগতে পঢ়ক :Transgender Marriage News: মাত্ৰ এৰাতিৰ বাবে কইনা হয় কিন্নৰসকল, পিছদিনা স্বামীৰ মূৰ কাটি কৰা হয় বিধৱা ইয়াৰ আঁৰৰ কাৰণ জানো আহক

ABOUT THE AUTHOR

...view details