নিউজ ডেস্ক, ৮ জুলাই: ওড়িশাৰ বালাচোৰৰ ট্ৰিপল ৰে'ল দুৰ্ঘটনাৰ সন্দৰ্ভত শুকুৰবাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চমুকৈ চিবিআইয়ে তিনিজন ৰে'ল কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে । তিনিওজন জ্যেষ্ঠ শাখা অভিযন্তা (সংকেত) অৰুণ কুমাৰ মহন্ত, শাখা অভিযন্তা মহম্মদ আমিৰ খান আৰু টেকনিচিয়ান পাপ্পু কুমাৰ বুলি চিনাক্ত কৰা হৈছে । বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা এইকেইজনেই প্ৰথম লোক ।
ভাৰতীয় দণ্ডবিধিৰ ৩০৪ (অপৰাধমূলক হত্যা) আৰু ২০১ (প্ৰমাণ ধ্বংস) ধাৰাৰ অধীনত ৰে’লৱে কৰ্মচাৰীকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰাৰ পাচত তেওঁলোকক চিবিআইৰ এখন বিশেষ আদালতত হাজিৰ কৰা হয় ৷ আদালতে ৰে'ল কৰ্মচাৰীকেইজনক অধিক জেৰাৰ বাবে পাঁচ দিনৰ ৰিমাণ্ড প্ৰদান কৰে । চিবিআইয়ে পৰৱৰ্তী তদন্তৰ বাবে তিনিওজনক সাত দিনৰ ৰিমাণ্ড বিচাৰিছিল যদিও আদালতে ৰে'ল কৰ্মচাৰীকেইজনক অধিক জেৰাৰ বাবে পাঁচ দিনৰ ৰিমাণ্ড প্ৰদান কৰে ।