অসম

assam

ETV Bharat / bharat

Eid Al Adha 2023: ঈদৰ দিনা ঘৰতে অতি সহজে তৈয়াৰ কৰক এইসমূহ খাদ্য, দুগুণ বৃদ্ধি হ’ব ঈদৰ আনন্দ - শ্বীৰ খুৰমা

যদি আপুনিও ঈদ উপলক্ষে পৰম্পৰাগত ব্যঞ্জন বনাই অলপ বিৰক্ত অনুভৱ কৰিছে, তেন্তে ইয়াত আমি আপোনালোকক ক'ম কিছুমান আচৰিত খাদ্য । এই ব্যঞ্জন সমূহ বনাই ঈদৰ উৎসৱটো মজাৰে উদযাপন কৰিব পাৰে ।

Bakhreid 2023 special: 5 delicious Dishes to make your Eid ul Adha feast more memorable
ঈদৰ দিনা ঘৰতে অতি সহজে তৈয়াৰ কৰক এইসমূহ খাদ্য, দুগুণ বৃদ্ধি হ’ব ঈদৰ আনন্দ

By

Published : Jun 28, 2023, 6:09 PM IST

Updated : Jun 28, 2023, 6:34 PM IST

বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এক প্ৰধান ইছলামিক উৎসৱ হৈছে ঈদ-উল-জুহা । ঈদ-উল-জুহা বা ঈদ-উল-আজহা ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম । এই উৎসৱৰ আন দুটা নাম হ’ল বকৰী ঈদ আৰু কুৰবানী ঈদ । ঈদ-উল-জুহা মূলত আৰৱী বাক্যাংশ । ইয়াৰ অৰ্থ হ’ল ত্যাগৰ উৎসৱ ।

মুছলমান সম্প্ৰদায়ৰ অন্যতম প্ৰধান উৎসৱ ঈদ উল জুহা । এই বিশেষ উৎসৱটোক অধিক বিশেষ কৰি তুলিবলৈ মানুহে বিভিন্ন ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰে । জনাই দিও যে, ২৯ জুন অৰ্থাৎ কাইলৈ সমগ্ৰ দেশতে ঈদ উল আজহা উৎসৱ পালন কৰা হ'ব । এই উৎসৱত ফিৰনি আৰু চেৱৈইৰ দৰে মিঠা খাদ্য বিশেষভাৱে তৈয়াৰ কৰা হয় ।

কিন্তু যদি আপুনিও উৎসৱ উপলক্ষে পৰম্পৰাগত ব্যঞ্জন তৈয়াৰ কৰি অলপ বিৰক্ত অনুভৱ কৰিছে, তেন্তে ইয়াত আমি আপোনালোকক কেইটাবিধমান এনে ব্যঞ্জনৰ বিষয়ে জনাবলৈ ওলাইছো যি খাবলৈ অতি সুস্বাদু হয় । এই ব্যঞ্জনসমূহ বনাই ঈদৰ এই উৎসৱ আনন্দৰে উদযাপন কৰিব পাৰে ।

বিৰিয়ানী

ঈদ উপলক্ষে বিৰিয়ানী নিশ্চিতভাৱে তৈয়াৰ কৰা হয় । অৱশ্যে ই এক পৰম্পৰাগত খাদ্য কিন্তু এতিয়া মানুহে বিভিন্ন ধৰণেৰে বিৰিয়ানী বনাইছে । কিছুমানে ভেজি বিৰিয়ানী খাবলৈ ভাল পায় আনহাতে কিছুমানে নন-ভেজ খায় । ভাতৰ লগতে বহুতো মছলা আৰু হাৰ্বছ ব্যৱহাৰ কৰি বিৰিয়ানী তৈয়াৰ কৰা হয় ।

চীৰমল

যদি উৎসৱৰ দিন হয় আৰু মিঠা নাথাকে, তেন্তে উৎসৱ উদযাপনত মজা আধৰুৱা হৈ ৰ’ব । ঈদ উপলক্ষে চেৱৈৰ উপৰিও চীৰমল ৰোটিও বনাব পাৰি । চীৰমল এবিধ অতি জনপ্ৰিয় খাদ্য হৈ পৰিছে, যিটো উৎসৱৰ সময়তো মানুহে খাবলৈ খুবেই পচন্দ কৰে ।

কাবাব

ঈদৰ উৎসৱত কাবাবো অতি উৎসাহেৰে খোৱা হয় । ঈদৰ দিনা আৰু অধিক বৃদ্ধি পায় সীখ কাবাব আৰু টুণ্ডে কাবাবৰ চাহিদা । ইয়াক নান, চালাড আৰু পদিনা চাটনিৰ সৈতে পৰিবেশন কৰা হয় ।

শ্বীৰ খুৰমা

শ্বীৰ খুৰমাও পৰম্পৰাগত খাদ্য যদিও মানুহে ইয়াতো বহুত বিভিন্ন পদ্ধতিৰে তৈয়াৰ কৰা হয় । এই মিঠা খাদ্য চেৱৈ, গাখীৰ, খেজুৰ আৰু শুকান ফলৰ দ্বাৰা তৈয়াৰ কৰা হয় ।

কোফতা

কোফতা ভেজ আৰু নন ভেজ দুয়োটা হ’ব পাৰে । আচলতে ইয়াক পিহি লোৱা মাংসৰ পৰা তৈয়াৰ কৰা হয় । ইয়াত মছলাৰ লগতে পিয়াঁজ আৰু হাৰ্বছ ব্যৱহাৰ কৰা হয় । গ্ৰেভি আৰু গ্ৰীল কৰিও কোফতা তৈয়াৰ কৰিব পাৰি ।

লগতে পঢ়ক:Banana Combination: কলৰ সৈতে তথা কল খোৱাৰ পিছত ভুলতেও গ্ৰহণ নকৰিব এইসমূহ খাদ্য, এই সন্দৰ্ভত আয়ুৰ্বেদে কি কয় জানো আহক

Last Updated : Jun 28, 2023, 6:34 PM IST

ABOUT THE AUTHOR

...view details