নিউজ ডেস্ক, ৭ জুন : কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ (Youth Affairs and Sports minister Anurag Thakur) আহ্বানমৰ্মে মল্লযোদ্ধা বজৰং পুনিয়া আৰু সাক্ষী মালিক গৈ তেওঁৰ বাসগৃহত উপস্থিত হৈছে (Sakshi Malik arrives Anurag Thakurs residence) । লগতে আছে ভাৰতীয় কিষাণ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি ৰাকেশ টিকায়েত ।
উল্লেখ্য, ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগত দেশৰ মল্লযোদ্ধাসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । তাৰেই পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদী মল্লযোদ্ধাসকলৰ প্ৰতিনিধিৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে তেওঁৰ বাসগৃহলৈ মঙলবাৰে মাজনিশা আমন্ত্ৰণ জনাইছিল (Bajrang Punia arrives Anurag Thakurs residence) ।
আনহাতে, অনুৰাগ ঠাকুৰে বুধবাৰে ঘোষণা কৰে যে তেওঁ পৰৱৰ্তী পৰ্যায়ত প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ সৈতে আলোচনা কৰিব (Anurag Thakurs initiative on wrestlers issue) । ইফালে আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই সাক্ষী মালিকে কয় যে ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে ন্যায়ৰ বাবে যুঁজ দিয়া সন্দৰ্ভত প্ৰস্তাৱটোত চৰকাৰৰ পৰা সহমত হোৱাৰ পিছতহে মল্লযুঁজাৰুসকলে অনুৰাগ ঠাকুৰক লগ কৰিব ।