অসম

assam

ETV Bharat / bharat

WFI Membership Suspension : ভাৰতীয় কুস্তি ফেডাৰেচনৰ সদস্যপদ বাতিল; বজৰং পুনিয়া আৰু সাক্ষী মালিকৰ ক্ষোভ প্ৰকাশ - sakshi malik reacted on wfi membership suspension

মল্লযোদ্ধা বজৰং পুনিয়া আৰু সাক্ষী মালিকে ভাৰতীয় কুস্তি ফেডাৰেচনৰ সদস্যপদ বাতিল কৰাৰ বাবে বিশ্ব কুস্তি ফেডাৰচনে গ্ৰহণ কৰা সিদ্ধান্তক লৈ ছ'চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰিছে । তেওঁলোকে কয় যে এজন অপৰাধীক বচাবলৈ ভাৰতীয় কুস্তি ফেডাৰেচনক বলি দিয়া হৈছে ।

WFI Membership Suspension
WFI Membership Suspension

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 6:32 PM IST

স্পৰ্টছ ডেস্ক, ২৫ আগষ্ট : বিশ্ব কুস্তি ফেডাৰেচনে ২৪ আগষ্টত ভাৰতীয় কুস্তি ফেডাৰেচনৰ সদস্যপদ বাতিল কৰে । ভাৰতীয় কুস্তি ফেডাৰেচনে (ডব্লিউএফআই) নিৰ্বাচন অনুস্থিত নকৰাৰ বাবে বিশ্ব কুস্তি ফেডাৰেচনে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাইছে । আনহাতে, ডব্লিউএফআইৰ সদস্যপদ সমাপ্ত হোৱাৰ বাবে ভাৰতীয় মল্লযোদ্ধাসকলে এক নতুন সমস্যাৰ সন্মুখীন হ'ব । ভাৰতীয় মল্লযোদ্ধাসকলে দেশৰ পতাকাৰ তলত কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব ।

সাক্ষী মালিকৰ ক্ষোভ প্ৰকাশ

ভাৰতীয় কুস্তি ফেডাৰেচনৰ সদস্যপদ বাতিল হোৱাৰ পিছত বহু ৰাজনৈতিক দলে ছ'চিয়েল মিডিয়াত কেন্দ্ৰীয় চৰকাৰকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে । লগতে অভিযোগ কৰিছে যে এজন অপৰাধীক বচাবলৈ ভাৰতীয় কুস্তি ফেডাৰেচনক বলি দিয়া হৈছে ।

বজৰং পুনিয়াৰ ক্ষোভ প্ৰকাশ

ইফালে ভাৰতীয় কুস্তি ফেডাৰেচনৰ বিদায়ী সভাপতি ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰা মল্লযোদ্ধা বজৰং পুনিয়া আৰু সাক্ষী মালিকেও তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছে । সাক্ষী মালিকে এক্সত (পূৰ্বৰ টুইটাৰ) পোষ্ট কৰিছে যে আজি ভাৰতীয় মল্লযুদ্ধৰ বাবে এটা ক'লা দিন । ব্ৰীজভূষণ আৰু তেওঁৰ কামৰ বাবে দেশৰ মল্লযোদ্ধাসকলে ত্ৰিৰংগ লৈ খেলিব নোৱাৰিব । ত্ৰিৰংগ হৈছে দেশৰ গৌৰৱ আৰু প্ৰতিজন খেলুৱৈয়ে জয়ৰ পিছত খেলপথাৰত ত্ৰিৰংগ লৈ দৌৰাৰ সপোন দেখে ।

একেদৰে মল্লযোদ্ধা বজৰং পুনিয়ায়ো লিখিছে যে আজি ভাৰতীয় মল্লযুদ্ধ ক্ষেত্ৰৰ বাবে এটা ক'লা দিন । ব্ৰীজভূষণ আৰু তেওঁৰ গুণ্ডাৰ বাবে দেশৰ মল্লযোদ্ধাসকলে ত্ৰিৰংগৰ সৈতে খেলিব নোৱাৰিব । এজন অপৰাধীক বচাবলৈয়ে ভাৰতীয় কুস্তি ফেডাৰেচনক বলি দিয়া হৈছে ।

উল্লেখ্য যে সদস্যপদ বাতিলৰ ফলত ভাৰতীয় মল্লযোদ্ধাসকলে ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া অলিম্পিক কোৱালিফায়িং বিশ্ব চেম্পিয়নশ্বিপত নিৰপেক্ষ খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰিব লাগিব আৰু তেওঁলোকক ভাৰতীয় দলৰ খেলুৱৈ হিচাপে গণ্য কৰা নহ'ব ।

উল্লেখ্য যে ভাৰতীয় কুস্তি ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্ৰীজভূষণ শৰণ সিঙৰ কাৰ্যকাল বহু আগতেই সমাপ্ত হৈছে । কিন্তু ইয়াৰ পিছত কুস্তি ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বহু চেষ্টা কৰা হয় যদিও উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ আৰু উচ্চ ন্যায়ালয়ৰ বিভিন্ন আবেদনৰ বাবে এই নিৰ্বাচন স্থগিত কৰা হৈছিল । সেইকাৰণে ভাৰতত এতিয়াও কুস্তি সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই । কিন্তু এতিয়া ভাৰতীয় খেলুৱৈসকলে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব ।

লগতে পঢ়ক :WWF Cancels WFI Membership : বিশ্ব কুস্তি ফেডাৰেচনে বাতিল কৰিলে ভাৰতীয় কুস্তি ফেডাৰেচনৰ সদস্যপদ

ABOUT THE AUTHOR

...view details