নিউজ ডেস্ক, ৬ মে' :কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ পঞ্চম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে বেংগালুৰুত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰে (PM Modi road show in Bengaluru) । কৰ্ণাটকৰ জে পি নগৰত আৰম্ভ হোৱা এই সমদলত হাজাৰ হাজাৰ বিজেপি কৰ্মী তথা সমৰ্থকে ৰাস্তাৰ দুয়োফালে সমবেত হৈ নৰেন্দ্ৰ মোডীৰ ওপৰত পুষ্পবৃষ্টি কৰে ।
এতিয়ালৈকে বিজেপিৰ সমদলত কেউফালে কেৱল বিজেপিৰ পতাকা আৰু ভগৱধ্বজা উৰি আছিল । কিন্তু শনিবাৰে এইবোৰৰ সৈতে সংযোগ ঘটে বজৰংগী পতাকা । সকলোতে বজৰংগী পতাকা প্ৰদৰ্শিত কৰি বজৰং দলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে বিজেপিৰ কৰ্মকৰ্তাসকলে । আনহাতে, ৰোড শ্ব'ত বহুতো লোকক বজৰং দলৰ মুখা পিন্ধাও দেখা যায় (Bajarangi flags waving at BJP road show) ।
সমদলত হাজাৰ হাজাৰ বিজেপি কৰ্মীয়ে বজৰংগী মুখা পিন্ধি অংশগ্ৰহণ কৰে আৰু জয় শ্ৰীৰাম, জয় শ্ৰীৰামু আৰু জয় বজৰংগী ধ্বনি দিয়ে । উল্লেখ্য যে মোডীৰ ৰোড শ্ব'ত প্ৰথমবাৰৰ বাবে বজৰঙৰ পতাকা আৰু মুখা প্ৰদৰ্শন কৰা হৈছে আৰু তেওঁ সমগ্ৰ ৰোড শ্ব'টো বজৰংগীময় কৰি বজৰং দলক সম্পূৰ্ণ সমৰ্থন জনায় বিজেপি কৰ্মীসকলে । আনহাতে, কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকে মুকলিকৈ বজৰংবলী শ্লোগান দিয়ে (BJP protest against congress Bajrang ban proposal) ।