নেশ্যনেল ডেস্ক,৬ মে':দেশৰ আগশাৰীৰ ঔষধ প্ৰতিষ্ঠান বাজাজ হেল্থকেয়াৰে মঙলবাৰে ইয়াৰ পৰজীৱী-বিৰোধী ঔষধ 'ইভেজাজ' মুকলি কৰাৰ কথা ঘোষণা কৰে । এই 'ইভেজাজ' কৰ'ণা সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব । কোম্পানীটোৰ কৰ্তৃপক্ষৰ মতে টেবলেটবোৰ প্ৰস্তুত আৰু বিক্ৰীৰ বাবে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক ডিচিজিআইৰ পৰা অনুমোদন লাভ কৰিছে কোম্পানীটোৱে ।
বাজাজ হেল্থকেয়াৰে জনোৱা মতে তেওঁলোকৰ নিজৰ আভ্যন্তৰীণ আৰ এণ্ড ডি দলৰ জৰিয়তে সক্ৰিয় ফাৰ্মাচীউটিকেল উপাদান আৰু আইভাৰমেক্টিনৰ বাবে প্ৰস্তুতৰ বাবে কাম কৰা হৈছে । কোম্পানীটোৰ মতে ডিচিজিআইয়ে ঘৰুৱা তথা বিদেশৰ বজাৰত 'ইভেজাজ' যোগান ধৰাৰ অনুমতি প্ৰদান কৰিছে । ইফালে বিএছইত প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ ২.৭১ শতাংশ বৃদ্ধি হৈ ৬০৩.৩০ টকালৈ বৃদ্ধি পাইছে ।