নেশ্যনেল ডেস্ক, 5 জুলাই :কেদাৰনাথ ধাম হিন্দু ধৰ্মৰ এক পবিত্ৰ তীৰ্থক্ষেত্ৰ হিচাবে চিহ্নিত (Kedarnath Dham) ৷ হিমালয় পৰ্বতমালাৰ প্ৰায় 3584 মিটাৰ উচ্চতাত মন্দাকিনী নদীৰ পাৰত অৱস্থিত এই পবিত্ৰ ধামটো ৷ য’ত মূৰ দোৱালে পাপ খণ্ডন হোৱাৰ লগতে ভগৱান ভোলানাথৰ আশীষ চিৰদিন বৰ্তী থাকে বুলি জনবিশ্বাস আছে ৷
ধাৰাসাৰ বৰষুণ আৰু তুষাৰপাতৰ বাবে কিছুদিন বন্ধ হৈ আছিল কেদাৰনাথ ধামৰ মূল দুৱাৰ (uttarakhand monsoon) ৷ কিন্তু বিগত 25 মে’ত তীৰ্থযাত্ৰীৰ বাবে পুনৰ মুকলি কৰি দিয়া হয় এই ধামৰ দুৱাৰ ৷ বৰ্তমান বাৰিষা ঋতু আৰম্ভ হোৱাৰ লগে লগে তীৰ্থযাত্ৰীৰ সংখ্যা হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত, বদ্ৰী কেদাৰ মন্দিৰ সমিতিয়ে (Badri Kerad Temple Committee) এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
মন্দিৰ সমিতিয়ে কেদাৰনাথ মন্দিৰৰ মূল দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সময় কিছু সাল-সলনি কৰিছে (Darshan timings changed in Kedarnath temple) ।
একে সময়তে, সাধাৰণ ভক্তসকলৰ দৰ্শনৰ সময়ও চাৰি ঘণ্টা হ্ৰাস কৰা হৈছে । ইয়াৰ পূৰ্বে, ভক্তসকলে পুৱা 4 বজাৰ পৰা নিশা 11 বজালৈ বাবা কেদাৰনাথ দৰ্শন কৰিব পাৰিছিল ৷ কিন্তু বৰ্তমান পুৱা 5 বজাৰ পৰা কেদাৰনাথ মন্দিৰত বাবাৰ দৰ্শনৰ সময় নিৰ্ধাৰণ কৰিছে ৷ লগতে বিয়লিৰ আৰতিৰ পিছত নিশা 9 বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্দিৰ পৰিচালনা সমিটিয়ে ৷