নেশ্যেনেল ডেস্ক,30 মাৰ্চ: বিতৰ্কৰ মাজত সোমাই পৰিছে পশ্চিমবংগৰ টালিগঞ্জ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয় ৷ দেওবাৰে এজন ব্যক্তিক ভাৰতীয় জনতা পাৰ্টীৰ কলকাতাৰ দলীয় কাৰ্যালয়ত চৰ শোধোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্ক ৷
উল্লেখ্য যে, কলকাতাস্থিত দলীয় কাৰ্যালয়ত এগৰাকী ব্যক্তিক চৰ শোধাইছিল বাবুল সুপ্ৰিয়ই ৷ বিজেপি নেতাগৰাকীৰ সৈতে সেই সময়ত উপস্থিত আছিল এগৰাকী গায়ক ৷ তদুপৰি একে সময়তে কাৰ্যালয়ত চলি আছিল এক সংবাদমেল ৷ পৰৱৰ্তী সময়ত এই কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰে ৷