নেচনেল ডেস্ক, 5 মাৰ্চ:পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভৱানীপুৰত ভাৰতীয় জনতা পাৰ্টীয়ে কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ক থিয় কৰোৱাৰ সম্ভৱনা আছে ৷ যদিহে ভৱানীপুৰৰ পৰা বেনাৰ্জীয়ে প্ৰাৰ্থীত্ব আগবঢ়ায় তেন্তে বিজেপিয়ে বাবুল সুপ্ৰিয়ক তেওঁৰ বিৰুদ্ধে থিয় কৰাব ৷ অৱশ্যে বৰ্তমান ভৱানীপুৰক প্ৰতিনিধিত্ব কৰি থকা বেনাৰ্জীয়ে জনাইছে যে, তেওঁ এইবাৰ নন্দীগ্ৰামৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ সম্ভৱনা আছে ৷
এগৰাকী শীৰ্ষ বিজেপি নেতাই জানিবলৈ দিয়া মতে, বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিয়ে এই সিদ্ধান্ত লৈছে যে, যদিহে মমতা বেনাৰ্জীয়ে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে তেন্তে বেনাৰ্জীৰ বিৰুদ্ধে বাবুল সুপ্ৰিয়ক দলে প্ৰক্ষেপ কৰিব ৷ তেঁও কয় যে ভৱানীপুৰৰ পৰা সুপ্ৰিয়ৰ দৰে শক্তিশালী প্ৰাৰ্থী আৰু নন্দীগ্ৰামৰ পৰা সুভেন্দু অধিকাৰীৰ দৰে প্ৰাৰ্থী থিয় কৰাই আমি দুয়োটা সমষ্টিতে তেওঁক অনায়াসে প্ৰতিহত কৰিব পাৰিম ৷