অসম

assam

ETV Bharat / bharat

Baba Ka Dhaba-ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদক চিকিৎসালয়ৰ পৰা অব্যাহতি

অৱশেষত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে 'বাবা কা ধাবা'(Baba Ka Dhaba) ভোজনালয়ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদক ৷ বৃহস্পতিবাৰে নিশা আত্মহত্যাৰ চেষ্টা চলোৱাৰ পাছতে চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কান্তা প্ৰসাদক ৷ বিগত বছৰত এগৰাকী ইউ টিউবাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল কান্ত প্ৰসাদৰ 'বাবা কা ধাবা'(Baba Ka Dhaba)ই ।

'Baba ka dhaba' owner Kanta Prasad gets discharged from hospital
Baba Ka Dhaba-ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদক চিকিৎসালয়ৰ পৰা অব্যাহতি

By

Published : Jun 19, 2021, 6:25 PM IST

নেচনেল ডেস্ক, 19 জুন : আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত দিল্লীৰ চফদৰজং চিকিৎসালয়ত ভৰ্তি হোৱা দিল্লীৰ 'বাবা কা ধাবা'(Baba Ka Dhaba) ভোজনালয়ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদক শুকুৰবাৰে নিশা চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে । দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁলোকে বৃহস্পতিবাৰে এটা ফোনকল যোগে আত্মহত্যাৰ চেষ্টা কৰা এজন লোকক চিকিৎসালয়লৈ অনা হৈছে বুলি খবৰ লাভ কৰিছিল । তেওঁৰ পুত্ৰ আজাদে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে, "তেওঁক ভেণ্টিলেটৰৰ সহায়ত আইচিইউ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে । তেওঁৰ অৱস্থা সংকটজনক কিন্তু স্থিৰ" ৷

বিগত বছৰত এগৰাকী ইউ টিউবাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল কান্ত প্ৰসাদৰ 'বাবা কা ধাবা'(Baba Ka Dhaba)ই । সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে আৰ্থিকভাৱে দুৰ্বল কান্তা প্ৰসাদক যথেষ্ট পৰিমাণে অনুদান আগবঢ়াইছিল বহুজনে । তাৰপিছতে কান্তা প্ৰসাদে মালৱীয় নগৰত এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছিল । কিন্তু লক ডাউনৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল ৰেষ্টুৰেণ্টখন ।

Baba Ka Dhaba-ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদক চিকিৎসালয়ৰ পৰা অব্যাহতি

সেই সময়ত কান্তা প্ৰসাদে কৈছিল যে, তেওঁৰ পুৰণি ভোজনালয় অধিক লাভজনক কিয়নো বিনিয়োগ আৰু তত্বাৱধান ব্যয় অতি কম ।

ইয়াৰ আগতে ইটিভি ভাৰত(ETV BHARAT)ৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কৈছিল, "মই মোক সহায় কৰিবলৈ কাৰোবাক ল'ব লাগিব কিয়নো মই মোৰ গ্ৰাহকসকলক না ক'ব নোৱাৰো । এই বয়সত মই সকলোবোৰ অকলে কৰিব নোৱাৰো । আগতে মই 750 গ্ৰাম চাউল বিক্ৰী কৰিবলৈ সংগ্ৰাম কৰিছিলো কিন্তু এতিয়া মই আধা দিনত 5 কিলোগ্ৰাম চাউল বিক্ৰী কৰো" ৷

যোৱা বছৰ ৭ অক্টোবৰত ইউ টিউবাৰ গৌৰৱে শ্বুট কৰা কান্তা প্ৰসাদ আৰু পত্নীৰ ভিডিঅ'টো বহুলভাৱে শ্বেয়াৰ হোৱাৰ পাছত কান্তা প্ৰসাদ আৰু তেওঁৰ "বাবা কা ধাবা" ই দেশজুৰি চৰ্চালৈ আহিছিল ৷ ইউ টিউবাৰ গৌৰৱৰ ভিডিঅ’ত দম্পতীটোৱে মালৱীয় নগৰৰ ভোজনালয়ত গ্ৰাহকৰ অভাৱৰ বিষয়ে কৈছিল । যাৰ পাছতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকে কান্তা প্ৰসাদলৈ সহায়ৰ হাত আগবঢ়াইছিল ৷

পৰৱৰ্তী সময়ত কান্তা প্ৰসাদে তেওঁ লাভ কৰা অনুদানৰ অপব্যৱহাৰ কৰা বুলি ইউ টিউবাৰ গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল আৰু ৱাছানৰ বিৰুদ্ধে প্ৰৱঞ্চনা কৰাৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল ৷ কিন্তু কেইদিনমান আগতে প্ৰসাদক পুনৰ এটা ভাইৰেল ভিডিঅ'ত ৱাছানৰ বিৰুদ্ধে তেওঁৰ অভিযোগ প্ৰত্যাহাৰ কৰা দেখা গৈছিল । লক্ষণীয়ভাৱে যি গৰাকী কান্তা প্ৰসাদে ইটিভি ভাৰতৰ সন্মুখত বিগত বছৰত আত্মহত্যা কোনো সমস্যাৰ বিকল্প বা সমাধান নহয় বুলি মন্তব্য কৰিছিল, সেইজনে এনেদৰে আত্মহত্যাৰ চেষ্টা কৰা কাৰ্যই আচৰিত কৰি তুলিছে সকলোকে ।

লগতে পঢ়ক: Baba ka dhaba-ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদৰ আত্মহত্যাৰ চেষ্টা

ABOUT THE AUTHOR

...view details