নেশ্যনেল ডেস্ক,১৮ জুন:পুনৰ চৰ্চাত দিল্লীৰ 'বাবা কা ধাবা'(Baba Ka Dhaba) । এইবাৰ 'বাবা কা ধাবা'ৰ গৰাকী কান্তা প্ৰসাদৰ আত্মহত্যাৰ চেষ্টা । বৃহস্পতিবাৰে নিশা আত্মহত্যাৰ চেষ্টা কৰাৰ পিছতে কান্তা প্ৰসাদক চফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দিল্লী দক্ষিণৰ আৰক্ষী বিষয়া অতুল ঠাকুৰে জনোৱা মতে তেওঁ সুৰা আৰু স্লিপিং টেবলেট(Sleeping tablet) খোৱাৰ পিছত অচেতন হৈ পৰিছিল। তেওঁৰ পুত্ৰই ইতিমধ্যে আৰক্ষীক এই বিষয়ে অৱগত কৰিছে ।
উল্লেখ্য যে বিগত বছৰত এগৰাকী ইউটিউবাৰৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছিল কান্ত প্ৰসাদৰ 'বাবা কা ধাবা'ই । সামাজিক মাধ্যমত ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে আৰ্থিকভাৱে দুৰ্বল কান্তা প্ৰসাদক যথেষ্ট পৰিমাণে অনুদান আগবঢ়াইছিল । তাৰ পিছতে কান্তা প্ৰসাদে মালৱীয় নগৰত এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছিল । কিন্তু লকডাউনৰ বাবে বন্ধ কৰিবলগীয়া হৈছিল ৰেষ্টুৰেণ্টখন । সেই সময়ত কান্তা প্ৰসাদে কৈছিল যে তেওঁৰ পুৰণি ভোজনালয় অধিক লাভজনক কিয়নো বিনিয়োগ আৰু তত্বাৱধান ব্যয় অতি কম ।
আত্মহত্যাৰ পথ বাছি লোৱা কান্তা এটা সময়ত ইটিভি ভাৰতৰ সন্মুখত কৈছিল যে আত্মহত্যা কোনো সমস্যাৰ বিকল্প বা সমাধান নহয় বৰঞ্চ মানুহে অসুবিধাৰ পৰা বাহিৰলৈ আহিবলৈ সংগ্ৰাম কৰা উচিত । তেওঁ লগতে কৈছিল যে তেওঁক সহায় কৰিবলৈ কাৰোবাৰ প্ৰয়োজন হ'ব কিয়নো গ্ৰাহকসকলক তেওঁ না ক'ব নোৱাৰে । ইমান বয়স হোৱাৰ বাবে তেওঁ সকলোবোৰ অকলে কৰিব নোৱাৰে । পূৰ্বে তেওঁ ৭৫০ গ্ৰাম চাউল বিক্ৰী কৰিবলৈ সংগ্ৰাম কৰিছিল কিন্তু এতিয়া আধা দিনত ৫ কিলোগ্ৰাম চাউল বিক্ৰী কৰে । সংগ্ৰামৰ কথা কোৱা কান্ত প্ৰসাদে আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বিষয়টোৱে সচাকৈয়ে আচৰিত কৰি তুলিছে সকলোকে ।