নেচনেল ডেস্ক,৬জুলাই: অ'মিক্ৰণৰ বি.এ.2 উপ-প্ৰকাৰ বি.এ.2.75-ৰ অত্যাধিক সংক্ৰমিত প্ৰকাৰ ভাৰতত বৰ্তমানলৈকে সীমিত হৈ আছে (Omicrons BA.2 sub-variant BA.2.75 limite in India)। চৰকাৰী সূত্ৰই মঙলবাৰে এইদৰে উল্লেখ কৰি কয় যে ইয়াৰ বংশৰ তীব্ৰতা বা ৰোগৰ বিস্তাৰ বৃদ্ধি হোৱা বুলি এতিয়ালৈকে তথ্য় লাভ কৰা হোৱা নাই (Covid in India)। বৰ্তমান,এছ.এ.আৰ.এছ.-চি.ও.ভি.-2-ৰ উদ্বেগৰ মুখ্য প্ৰকাৰ হৈছে অ'মিক্ৰণ ভি.ও.চি । বিশ্বব্যাপী বি.এ.2 অমিক্ৰণৰ প্ৰকাৰে বি.এ.1 প্ৰকাৰৰ স্থান লোৱা বুলিও সূত্ৰটোৱে সদৰি কৰিছে।
ভাৰতত, বি.এ.2.75-ৰ সীমিত সংক্ৰমণ হোৱাৰ তথ্য় লাভ কৰা হৈছে (BA.2.75 documented circulation in India)। আনহাতে, এতিয়ালৈকে এই প্ৰকাৰৰ তীব্ৰতা বা ৰোগৰ বিস্তাৰ বৃদ্ধি হোৱাৰ কোনো তথ্য় পোৱা হোৱা নাই । একেটা সূত্ৰই সদৰি কৰা অনুসৰি যিহেতু বি.এ.2 বংশ বিকশিত হৈ আছে সেয়েহে ইয়াৰ বহুতো উপ-বংশ এতিয়া এক সুকীয়া পৰিৱৰ্তনৰ সৈতে বিকশিত হৈছে । উল্লেখ্য় যে বি.2.75 হৈছে বি.এ.2-ৰ একে ধৰণৰ উপ-প্ৰকাৰ । সূত্ৰটোৱে লগতে কয় যে এই উপ-প্ৰকাৰৰ বিস্তাৰ আৰু লগতে অ'মিক্ৰণৰ আন উপ-প্ৰকাৰ সমূহৰ প্ৰসাৰ নিৰীক্ষণ অব্যাহত ৰখাটো গুৰুত্বপূৰ্ণ ।