অসম

assam

By

Published : Jan 27, 2021, 9:13 PM IST

ETV Bharat / bharat

মিজোৰামৰ বি. চাংখুমিলৈ পদ্মশ্ৰী বঁটা

মিজোৰামৰ বিশিষ্ট সমাজকৰ্মী বি. চাংখুমিলৈ পদ্মশ্ৰী বঁটা ঘোষণা ৷ মহিলা সৱলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে চাংখুমিলৈ পদ্মশ্ৰী বঁটা ৷ মিজোৰামৰ ৰাজ্যপাল শ্ৰী পি.এছ. শ্ৰীধৰণ পিল্লাইৰ অভিনন্দন ৷

b sangkhumi to be conferred with padma shree
b sangkhumi to be conferred with padma shree

নেচনেল ডেস্ক, 27 জানুৱাৰী:মিজোৰামৰ বিশিষ্ট সমাজকৰ্মী বি. চাংখুমিলৈ মহিলা সৱলীকৰণৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটা ঘোষণা কৰা হৈছে ৷ মিজোৰামৰ ৰাজ্যপাল শ্ৰী পি.এছ. শ্ৰীধৰণ পিল্লাইয়ে বি. চাংখুমিক ৰাজভৱনলৈ আমন্ত্ৰণ জনাই তেওঁৰ এই বিশেষ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ৷

জানিব পৰা মতে 2021 ৰ পদ্মশ্ৰী বঁটা প্ৰদানৰ বাবে ঘোষিত অন্যসকলৰ লগতে বি. চাংখুমিক চলিত বৰ্ষৰ মাৰ্চ বা এপ্ৰিল মাহত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই সন্মান প্ৰদান কৰিব ৷

চাংখুমিৰ অৱদানৰ স্বীকৃতি স্বৰূপে চৰকাৰে আগবঢ়োৱা এই স্বীকৃতিৰ বাবে ৰাজ্যপাল পিল্লাইয়ে তেওঁক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উচ্চ প্ৰশংসা কৰে ৷ চাংখুমিৰ লগতে তেওঁৰ সহযোগী কৰ্মী সকলে মিজো সমাজৰ মহিলা সকলৰ সৱলীকৰণৰ ক্ষেত্ৰত লোৱা বিশেষ পদক্ষেপৰ প্ৰশংসা কৰি পিল্লাইয়ে কয় যে, ৰাইজৰ বাবে নিস্বাৰ্থভাৱে আগবঢ়োৱা সেৱা সকলো ঠাইতে প্ৰশংসিত হয় আৰু ৰাইজৰ বাবে কৰা সেৱা কোনোগুণেই ভগবানক প্ৰতি আগবঢ়োৱা সেৱাতকৈ কম নহয় ৷

ৰাজ্যপাল গৰাকীৰ পৰা অভিনন্দন গ্ৰহণ কৰি বি. চাংখুমিয়ে সকলোৱে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মিজো সমাজত মহিলা সকলে ভুগি অহা সমস্যৰ লগতে কিয় তেওঁলোকে ইয়াৰ বিৰুদ্ধে যুঁজ দিছে সেই সন্দৰ্ভতো ৰাজ্যপাল গৰাকীৰ সন্মুখত চমুকৈ বাখ্যা কৰে ৷

লগতে পঢ়ক:ত্ৰিপুৰাৰ হোজাগিৰি নৃত্যশিল্পী সত্যৰাম ৰিয়াঙলৈ পদ্মশ্ৰী বঁটা

ABOUT THE AUTHOR

...view details