নেশ্যনেল ডেস্ক,১৫ জুলাই :অৱশেষত দোষী সাব্যস্ত হ'ল সমাজবাদী পাৰ্টিৰ (এছপি) জ্যেষ্ঠ নেতা আজম খান । এমপি এমএলএ আদালতে শনিবাৰে জ্যেষ্ঠ নেতাগৰাকীক দোষী সাব্যস্ত কৰে । ২০১৯ চনৰ ঘৃণামূলক ভাষণৰ এক গোচৰত আদালতে তেওঁক দোষী সাব্যস্ত কৰে । এমপি এমএলএ বিশেষ আদালতৰ দণ্ডাধীশ শোভিত বনচালে ৭৪ বছৰীয়া নেতাজনক দোষী সাব্যস্ত কৰে । অৱশ্যে তেওঁৰ শাস্তি কি হ'ব সেয়া দণ্ডাধীশে এতিয়াও ঘোষণা কৰা নাই । এই ৰায়ৰ সময়ত আজম খানো আদালতত উপস্থিত আছিল ।
২০১৯ চনৰ ৮ এপ্ৰিল অৰ্থাৎ লোকসভা নিৰ্বাচনৰ সময়ত শ্বেহজাদ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত ধামোৰাত এক ৰেলীৰ সময়ত উচটনিমূলক ভাষণ দিয়াৰ অভিযোগ আছিল আজম খানৰ বিৰুদ্ধে । সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতাগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল । আজম খানে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, তেতিয়াৰ ৰামপুৰ জিলাৰ নিৰ্বাচনী বিষয়া আৰু ভাৰতৰ নিৰ্বাচন আয়োগক লক্ষ্য কৰি এক উচটনিমূলক ভাষণ দিয়া বুলি অভিযোগ উত্থাপিত হৈছিল ।