নেশ্যনেল ডেস্ক, ৫ জানুৱাৰী :বহু প্ৰতিক্ষাৰ অন্তত ২২ জানুৱাৰীত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব । যাৰ বাবে দ্ৰুতগতিত চলি আছে অন্তিম পৰ্যায়ৰ প্ৰস্তুতি কাম-কাজসমূহ । এই অনুষ্ঠানক লৈ সমগ্ৰ চহৰখনতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । ইফালে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে প্ৰকাশ কৰিছে ভৱিষ্যৎ ৰাম মন্দিৰৰ শেহতীয়া ছবি ।
হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তিও ৰাম মন্দিৰৰ দুৱাৰমুখতে স্থাপন ট্ৰাষ্টৰ ৰামভক্তই প্ৰকাশ কৰা মন্দিৰৰ শেহতীয়া ছবিতো মন্দিৰৰ দ্বাৰত সিংহৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে ৷ ইয়াৰ উপৰিও হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তিও ৰাম মন্দিৰৰ দুৱাৰমুখতে স্থাপন কৰা হৈছে । মন্দিৰত প্ৰৱেশ কৰা ৰামভক্তসকলে হনুমান আৰু গৰুড়ৰ পৰা অনুমতি লৈহে নতুনকৈ নিৰ্মাণ কৰা মন্দিৰত প্ৰৱেশ কৰিব পাৰিব ৷ ট্ৰাষ্টৰ ৰামভক্তই প্ৰকাশ কৰা মন্দিৰৰ শেহতীয়া ছয়খন ফটোৰ পৰা অনুমান কৰিব পাৰি যে দ্ৰুত গতিত চলি আছে মন্দিৰ নিৰ্মাণৰ সকলো কাম-কাজ ।
১৫ জানুৱাৰীৰ পৰাই মন্দিৰত আৰম্ভ হ’ব অনুষ্ঠান সকলোৰে জ্ঞাত যে, ১৫ জানুৱাৰীৰ পৰাই মন্দিৰত আৰম্ভ হ’ব অনুষ্ঠান । সেয়ে বাকী থকা কামবোৰ অতি সোনকালে সম্পূৰ্ণ কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে । বৃহস্পতিবাৰে বিয়লি অযোধ্যাৰ ৰাম জন্মভূমি কমপ্লেক্সৰ ভিতৰত হনুমানৰ এটা ডাঙৰ প্ৰতিমূৰ্তি স্থাপন কৰে এক্সিকিউটিং এজেন্সী লাৰ্চেন এণ্ড টৌব্ৰ’ৰ কৰ্মচাৰীয়ে ।
ৰাম মন্দিৰৰ মূল দ্বাৰত স্থাপন কৰা হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তি অযোধ্যাত ৰামলালাৰ অভিষেকৰ প্ৰস্তুতি এই বিশাল প্ৰতিমূৰ্তিটো ক্ৰেন ব্যৱহাৰ কৰি মন্দিৰ কমপ্লেক্সৰ গেটত স্থাপন কৰা হৈছে । ইয়াৰ উপৰিও সিংহদ্বাৰত শিলেৰে সজা সিংহৰ এটা মূৰ্তিও স্থাপন কৰা হৈছে । মূল দ্বাৰত স্থাপন কৰা হৈছে হনুমান আৰু গৰুড়ৰ প্ৰতিমূৰ্তি । আপেক্ষা মাথোঁ আৰু কিছু দিনৰ ৷
লগতে পঢ়ক :ৰাম মন্দিৰৰ বিৰুদ্ধে মন্তব্য নকৰিবলৈ বিৰোধীক আহ্বান ৰামদেৱৰ