নেশ্যনেল ডেস্ক,১৫ অক্টোবৰ :২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব অযোধ্যাৰ ৰাম মন্দিৰৰ (Ram Mandir) । শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদকে জনোৱা মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ২০২৩ চনত ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব । তেওঁ লগতে কয় যে, প্ৰথম পৰ্যায়ৰ আধাৰশিলা ছেপ্টেম্বৰ মাহত স্থাপন কৰা হৈছিল আৰু দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপনৰ কাম ১৫ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু তাৰ পাছতে মন্দিৰৰ মজিয়া নিৰ্মাণ কৰা হ'ব ।
তেওঁ লগতে কয় যে, যিহেতু বৰ্তমান কংক্ৰিটৰ কাম চলি আছে, সেয়েহে কেৱল নিশাহে কাম কৰি থকা হৈছে । কংক্ৰেটিৰ কামবোৰ সাধাৰণতে ২৩ ৰ পৰা ২৫ ডিগ্ৰী চেলচিয়াছৰ ভিতৰৰ উষ্ণতাত কৰিব লাগে । দিনত যিহেতু অধিক গৰম হয় সেয়ে নিশা কামবোৰ কৰা হৈছে । যদিহে তাপমাত্ৰা বৃদ্ধি হয়, তেন্তে কংক্ৰিটত বৰফ দিব লাগিব বুলিও তেওঁ উল্লেখ কৰে ।
তেওঁ লগতে কয় যে ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত মন্দিৰৰ মূল স্থানত ভগৱান ৰামৰ মূৰ্তি স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু তাৰ পাছতে ভক্তসকলৰ বাবে মুকলি কৰা হ'ব ৰাম মন্দিৰ ।