নেশ্যনেল ডেস্ক, ৪ এপ্ৰিল:কেন্দ্ৰীয় চৰকাৰ আৰু নীতি আয়োগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁলোকক দেশত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ দ্বিতীয় প্ৰৱাহ ৰোধ কৰিবলৈ ৰাজহুৱা সমাৱেশ পদ্ধতিৰ পৰীক্ষা, অনুসৰণ, চিকিৎসা, ক'ভিডৰ-উপযুক্ত আচৰণ আৰু টীকাকৰণৰ পাঁচ দফীয়া কৌশল অনুসৰণ কৰিবলৈ আহ্বান জনায় ।
ক'ভিডৰ প্ৰকৃত লক্ষণ আৰু চেনিটাইজেশ্যন সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ বাবে ৬ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ সপ্তাহজোৰা এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণৰো আহ্বান জনায় প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
১ মাৰ্চত ভাৰতত ১১,৫৬৩ টা কৰণাৰ নতুন ঘটনা পোহৰলৈ আহিছিল আৰু ফেব্ৰুৱাৰী মাহত গড় হিচাপত দৈনিক ঘটনা আছিল ১০ হাজাৰৰ পৰা ১১ হাজাৰৰ ভিতৰত । কিন্তু এই মাহৰ আৰম্ভণিতে শনিবাৰৰ দিনটোত ৯৩ হাজাৰ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২ এপ্ৰিলত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৭১৩ গৰাকী ।
ইফালে ভাৰতৰ কেইখনমান ৰাজ্য নতুনকৈ যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হোৱা দেখা গৈছে । যাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে অতি শীঘ্ৰে জনস্বাস্থ্য বিশেষজ্ঞ আৰু চিকিৎসকৰ কেন্দ্ৰীয় দল বিশেষকৈ মহাৰাষ্ট্ৰ, ছত্তিশগড় আৰু পাঞ্জাৱলৈ পঠিওৱা হ'ব । শেহতীয়া সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে কনটেইনমেন্ট অঞ্চলসমূহো সঠিকভাৱে নিৰূপণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে ।