অসম

assam

ETV Bharat / bharat

চাকৰিৰ নামত প্ৰৱঞ্চনা: বিমান সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ

চাকৰিৰ নামত ধন সংগ্ৰহ কৰি প্ৰশিক্ষাৰ্থীক ৰামঠগন দিলে ত্ৰিপুৰাস্থিত এক বিমান সেৱা প্ৰশিক্ষণ কেন্দ্ৰ কৰ্তৃপক্ষই । ছেভেনছ এভিয়েছন নামৰ এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰশিক্ষাৰ্থীয়ে । তেওঁলোকৰ অভিযোগ মতে, প্ৰতিষ্ঠিত কোম্পানীত নিযুক্তিৰ প্ৰলোভন দি ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ পৰা সৰকাইছিল ৭৫ হাজাৰকৈ টকা । কিন্তু প্ৰশিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰাৰ পিছতে নিজে দিয়া প্ৰতিশ্ৰুতিৰ কথা পাহৰিলে প্ৰশিক্ষণ কেন্দ্ৰ কৰ্তৃপক্ষই ।

By

Published : Apr 29, 2021, 1:14 PM IST

চাকৰিৰ প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহৰ অভিযোগ ত্ৰিপুৰাৰ বিমান সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিৰুদ্ধে
চাকৰিৰ প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহৰ অভিযোগ ত্ৰিপুৰাৰ বিমান সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিৰুদ্ধে

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল: চৰকাৰী চাকৰিৰ নামত নিবনুৱাৰ পৰা ধন লুটি একাংশ দালাল, চৰকাৰী বিষয়াই চাকৰিৰ বেহা চলোৱাৰ প্ৰসংগ সময়ে সময়ে উত্থাপিত হৈ আহিছে । এইবাৰ ব্যক্তিগত প্ৰশিক্ষণ কেন্দ্ৰৰ বিৰুদ্ধেও উত্থাপন হৈছে নিযুক্তিৰ নামত ধন সংগ্ৰহৰ অভিযোগ । ত্ৰিপুৰাৰ ছেভেনছ এভিয়েছন নামৰ এক বিমান সেৱা প্ৰশিক্ষণ কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ তুলিছে একাংশ প্ৰশিক্ষাৰ্থীয়ে ।

তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে, প্ৰতিষ্ঠিত কোম্পানীত নিযুক্তিৰ প্ৰলোভন দি ৩০ গৰাকী প্ৰশিক্ষাৰ্থীৰ পৰা সৰকাইছিল ৭৫ হাজাৰকৈ টকা । কিন্তু পিছত তেওঁলোকে প্ৰশিক্ষাৰ্থীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ অস্বীকাৰ কৰে । এগৰাকী প্ৰশিক্ষাৰ্থীয়ে জনোৱা মতে, উক্ত প্ৰশিক্ষণ কেন্দ্ৰটোৱে তেওঁলোকৰ প্ৰতিষ্ঠানত প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত নিযুক্তিৰ দিয়াৰ আশ্বাস দিছিল । সকলো প্ৰশিক্ষাৰ্থীয়ে তেওঁলোকৰ কথাত পতিয়ন গৈ দুবছৰ প্ৰশিক্ষণ লৈছিল ।

কিন্তু যেতিয়া প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ দিয়াৰ সময় আহিল, তেতিয়া প্ৰতিষ্ঠানটোৱে সমগ্ৰ প্ৰক্ৰিয়া ইচ্ছাকৃতভাৱে পলম কৰিবলৈ আৰম্ভ কৰে । বিগত তিনি মাহ ধৰি প্ৰশিক্ষাৰ্থীসকলে কেন্দ্ৰ কৰ্তৃপক্ষক প্ৰমাণপত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনাই আহিছে যদিও তেওঁলোকে এই কথাত গুৰুত্ব আৰোপ কৰা নাই ।

মুম্বাইস্থিত প্ৰতিষ্ঠানটোৰ ত্ৰিপুৰাত থকা শাখাৰ মালিক বুলি নিজকে চিনাকি দিয়া মিলান থিক্ৰেকো প্ৰশিক্ষাৰ্থীসকলে যোগাযোগ কৰাৰ চেষ্টা কৰে যদিও তেওঁলোক বিফল হয় । ৰাহুল শৰ্মা নামৰ এগৰাকী প্ৰশিক্ষাৰ্থীয়ে কয় যে, এতিয়া তেওঁলোকে প্ৰমাণপত্ৰ আৰু নিযুক্তিৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ কৰ্তৃপক্ষক দাবী জনোৱাত তেওঁলোকে প্ৰমাণপত্ৰ আৰু নিযুক্তি প্ৰদান কৰিব নোৱাৰে বুলি জনায় ।

কৰ্তৃপক্ষৰ মতে, নিযুক্তিৰ বাবে প্ৰশিক্ষাৰ্থীসকলে এতিয়া এক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব । কিন্তু পূৰ্বে ধন জমা দিয়া প্ৰশিক্ষাৰ্থীসকলে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাত আপত্তি দৰ্শাইছে । লগতে ছেভেনছ এভিয়েছনৰ বিৰুদ্ধে প্ৰশিক্ষাৰ্থীসকলে ক্ষোভ উজাৰিছে আৰু তেওঁলোকে প্ৰশিক্ষণ কেন্দ্ৰটোৰ বিৰুদ্ধে পূৱ আগৰতলা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিব বুলিও জানিবলৈ দিছে ।

লগতে পঢ়ক: জিলা দণ্ডাধীশৰ নিলম্বনৰ দাবীৰে প্ৰতিবাদত বহিল ত্ৰিপুৰাৰ বিধায়ক

ABOUT THE AUTHOR

...view details