চিটাৰা ডেস্ক, 13 মাৰ্চ:বিশ্বজুৰি উপাৰ্জন কৰা ছবি অৱতাৰ - দ্য ৱে অৱ ৱাটাৰে অস্কাৰৰ সন্মান আজুৰিবলৈ সক্ষম হৈছে । ছবিখনে ভিজুৱেল ইফেক্টছ শাখাত লাভ কৰিছে অস্কাৰ বঁটা(Avatar the way of water wins Oscars award) । ছবিখনৰ পৰিচালক জেমছ কেমেৰন আৰু ছবিখনৰ সমগ্ৰ দলটোৱে এই বঁটা লাভ কৰি নথৈ আনন্দিত হৈছে(Oscars awards 2023)।
ছবিখনৰ ভিজুৱেল ইফেক্টছ দলৰ সদস্য জো লেটেৰী, ৰিচাৰ্ড বেনেহাম, এৰিক ছেইনডন আৰু ডেনিয়েল বেৰেটে এই বঁটা লাভ কৰে । ইয়াৰ পূৰ্বে অনুষ্ঠানত ব্যক্তিগত কাৰণত জেমছ কেমেৰনে বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ নকৰে বুলি ঘোষণা কৰা হৈছিল ৷
ইফালে ছবিৰ অভিনেত্ৰীগৰাকীয়ে এই বঁটা লাভ কৰে । এই ছবিখনে ভাৰতত ৪০০ কোটিতকৈও অধিক টকাৰ ব্যৱসায় কৰিছিল । বিগত বছৰৰ ডিচেম্বৰ মাহত মুক্তি লাভ কৰিছিল ছবিখনে(Avatar the way of water)। এই বৰ্ষত ছবিখনত পানীৰ জগতখনৰ বিষয়ে দৰ্শকৰ সৈতে চিনাকি কৰোঁৱা হৈছিল । ভাৰতৰ লগতে বিশ্ববাসীয়েও এই ছবিখনক আদৰি লৈছে(The Way of Water wins Best Visual Effects)।